অসম

assam

By

Published : May 12, 2020, 8:43 AM IST

Updated : May 12, 2020, 9:06 AM IST

ETV Bharat / state

ন-প্ৰভাতৰ সুখৰ কিৰণ জানমণিৰ চোতালত !

এতিয়া চাইকেলত নহয় মপেড লৈ শাক পাচলি বিক্ৰী কৰিবলৈ যাব জানমণি ৷ ইটিভি ভাৰতত বাতৰি প্ৰচাৰৰ পাচতেই বিভিন্ন জনে আগবঢ়াইছে সহায়ৰ হাত ৷ খোজ কাঢ়িব নোৱাৰা পিতৃলৈ হুইল চেয়াৰ, আহিছে আৰ্থিক অনুদানো ৷

helping hand to jaanmoni
helping hand to jaanmoni

ডিব্ৰুগড়, 12 মে' : মাতৃ আৰু পিতৃক জীয়াই ৰখাৰ বাবে সংগ্ৰাম কৰি অহা জানমণিৰ জীৱনলৈ আহিছে পৰিৱৰ্তন। শনিবাৰে ইটিভি ভাৰতত সম্প্ৰচাৰ হৈছিল ডিব্ৰুগড়ৰ জানমণি গগৈ নামৰ এগৰাকী ১৮ বছৰীয়া কিশোৰীৰ জীৱন সংগ্ৰামৰ কথা। এখন বাইচাইকেল,এযোৰ দগা-পাল্লা আৰু গ্ৰাম্যাঞ্চলত পোৱা বিভিন্ন শাক-পাচলি লৈ পিতৃ-মাতৃক জীয়াই ৰখাৰ বাবে কঠোৰ সংগ্ৰামৰ বিষয়ে সম্প্ৰচাৰ হোৱা বাতৰিৰ পাচতেই জানমণিক সহায়ৰ বাবে আগবাঢ়ি আহিছে জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসনৰ লোক ,স্বেচ্ছাসেৱী সংগঠন,জাতীয় সংগঠনৰ লগতে বিভিন্নজন ।

সোমবাৰে দিনৰ ভাগত জানমণিৰ পদূলিত আশাৰ বতৰা লৈ উপস্থিত হয় স্মাইল এন জি অ', যি 18 বছৰে খোজকাঢ়িব নোৱাৰা জানমণিৰ পিতৃ কিৰণ গগৈক প্ৰদান কৰে এখন হুইল চেয়াৰ। যিখন পাই 18 বছৰে আলিবাটলৈ ওলাব নোৱাৰা জানমণিৰ পিতৃয়ে প্ৰথমেই বাটলৈ ওলাই নিজকে মুক্ত অনুভৱ কৰে ।

জানমণিলৈ বিভিন্নজনৰ সহায়

ইয়াৰ পাচতে টাই আহোম যুৱ পৰিষদে আৰ্থিক সাহাৰ্য প্ৰদানৰ লগতে আন সহায়ৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে । ইফালে জিলা প্ৰশাসনৰ উপস্থিতিত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিৰ হৈ উপ আৰক্ষী অধীক্ষক পল্লৱী মজুমদাৰে এখন মপেড প্ৰদান কৰে জানমণিক । যি জানমণিৰ শাক পাচলি বিক্ৰীৰ ক্ষেত্ৰত সহায়ক হোৱাৰ লগতে পৰিয়ালটো আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগিতা হ'ব বুলি জনায় ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষকে ।

বিভিন্ন জনৰ এনে বদন্যতাক শ্ৰদ্ধা জ্ঞাপন কৰে জানমণিৰ মাতৃয়ে । বহু হৃদয়বান লোক সহায়ৰ বাবে আগবাঢ়ি আহি আৰ্থিক সাহাৰ্যও আগবঢ়াব খুজিছে যদিও জানমণি আৰু মাতৃয়ে বিচাৰিছে আৰ্থিক সাহাৰ্যতকৈ জীৱিকাৰ এক স্থায়ী বাট। বিভিন্ন হৃদয়বান লোকে জানমণিৰ সাহসিকতাক শ্ৰদ্ধা জনাই পৰিয়ালটোলৈ আৰ্থিক সাহাৰ্য লগতে অন্যান্য সহযোগিতা আগবঢ়াইছে। ডিব্ৰুগড় জিলাৰ সভাপতি ৰাণাৰঞ্জন গগৈ আৰু কাৰ্যকৰী সভাপতি উপস্থিত থাকি চৰকাৰী কৰ্তৃপক্ষৰ বিভিন্ন আঁচনিৰ আওতালৈ পৰিয়ালটো নহাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

ন-প্ৰভাতৰ সুখৰ কিৰণ জানমণিৰ চোতালত !

ইতিমধ্যে আৰ্থিক দৈন্যতা আৰু পিতৃ-মাতৃক জীয়াই ৰখাৰ বাবে শৈক্ষিক জীৱন সামৰণি পেলোৱা জানমণিক শিক্ষাদানৰ বাবে আগবাঢ়ি আহিছে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখক ডঃ শশীকান্ত শইকীয়া। সুদীৰ্ঘ ১৮ বছৰৰ পাচত মুকলি আকাশৰ তললৈ হুইল শ্বেয়াৰ লৈ জানমনিৰ পিতৃ । চাইকেল লৈ প্ৰতিটো পুৱাতে ওলাই যোৱা জানমনিলৈ আহিল মপেড। জানমণিৰ জীৱন আকাশত যেন এইয়া সুখৰ ৰ'দ বিৰিঙিছে ৷

লগতে পঢ়ক : চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা জানমনিৰ কথাৰে...

Last Updated : May 12, 2020, 9:06 AM IST

ABOUT THE AUTHOR

...view details