ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ - মৰাণৰ সমীপৰ তিলৈ নদীৰ জলাশয়
ড0 ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত 2017-18 বৰ্ষৰ চৰ্তুদশ বিত্তীয় আয়োগৰ অধীনত 6 লাখ টকা ব্যয়েৰে মহিলা আৰু শিশুৰ এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ আধাশিলাৰ স্থাপন কৰে পঞ্চায়ত সচিব দিলীপ বৰুৱাই
ডিব্ৰুগড়,13 চেপ্তেম্বৰঃ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ বিগত 2 বছৰ পূৰ্বে মৰাণৰ সমীপৰ তিলৈ নদীৰ জলাশয়ৰ মাজত স্থাপন কৰা হৈছিল সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি ৷ তাৰ পাচৰ পৰাই পৰিত্যক্ত অৱস্থাত পৰি ৰৈছিল সুধাকণ্ঠৰ প্ৰতিমূৰ্তি ৷ ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ এনেদৰে প্ৰতিমূৰ্তক অপমান কৰাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল খোৱাঙৰ বিভিন্ন মহলত ৷ সুঠাকণ্ঠৰ প্ৰতিমূৰ্তি অপমানৰ বাতৰি প্ৰকাশ হৈছিল ইটিভি ভাৰতত ৷ বাতৰি পৰিৱেশন কৰাৰ কিছুদিনৰ পাচতে অৰ্থাৎ বৃহস্পতিবাৰে ভূপেনদাৰ প্ৰতিমূৰ্তি উন্নয়নৰ বাবে আগবাঢ়ি আহিল ৰাংচালি পঞ্চায়তৰ একাংশ প্ৰতিনিধি । ড0 ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত 2017-18 বৰ্ষৰ চৰ্তুদশ বিত্তীয় আয়োগৰ অধীনত 6 লাখ টকা ব্যয়েৰে মহিলা আৰু শিশুৰ এটা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ আধাশিলাৰ স্থাপন কৰে পঞ্চায়ত সচিব দিলীপ বৰুৱাই। আধাশিলাৰ প্ৰাকমুহূৰ্তত পঞ্চায়ত সচিবজনে প্ৰকল্পটো উন্নয়ণৰ স্বাৰ্থত সংবাদ মাধ্যমৰ লগতে সকলোৰে সহযোগিতা কামনা কৰে ।