মৰাণ, 30 মে': ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ মৰাণৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তিলৈ নগৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দৰিদ্ৰ বৃদ্ধা ঘুন্টি গোৱালাক সহায়ৰ বাবে আগবাঢ়ি আহিল কেইজনমান স্থানীয় যুৱক ৷ "মৰাণ সমষ্টিৰ উন্নয়ন পৰিষদ" নামৰ সংস্থাৰ জৰিয়তে মৰাণ খোৱাঙৰ চন্দন গগৈ, অবিনাশ দিহিঙীয়া, অতুল চন্দ্ৰ গগৈকে আদি কেইৱাজনো যুৱকে একত্রিত হৈ আইতা গৰাকীক সাঁজি দিলে এটা বাঁহৰ ঘৰ ৷ যুৱক কেইজনে ঘৰটো নিৰ্মাণ কৰি দিয়াৰ পাছতে মুখত হাঁহি বিৰিঙিছে আইতাৰ ৷ ঘৰটো নতুনকৈ সজাই দিয়াত সুখী হোৱা বুলি জনালে দৰিদ্ৰতাই কোঙা কৰা আইতাই ৷
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ মৰাণৰ অকলশৰীয়া আইতাক ঘৰ সাঁজি দিলে কেইজনমান যুৱকে - ঘুন্টি গোৱালাক সহায়ৰ বাবে আগবাঢ়ি আহিল কেইজনমান স্থানীয় যুৱক
"মৰাণ সমষ্টিৰ উন্নয়ন পৰিষদ" নামৰ সংস্থাৰ জৰিয়তে মৰাণ খোৱাঙৰ চন্দন গগৈ, অবিনাশ দিহিঙীয়া, অতুল চন্দ্ৰ গগৈকে আদি কেইৱাজনো যুৱকে একত্রিত হৈ আইতাগৰাকীক সাঁজি দিলে এটা বাঁহৰ ঘৰ ৷
উল্লেখ্য যে, দৰিদ্ৰতাৰ বাবে মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সমীপৰ ৭০ উৰ্দ্ধৰ বৃদ্ধা গৰাকীয়ে দীৰ্ঘদিনৰ পৰা গোহালী সদৃশ পৰিৱেশতে জীৱন কটাইছিল ৷ 15 বছৰৰ পূৰ্বেই স্বামী হাৰা হোৱা বৃদ্ধা গৰাকীয়ে খুজি-মাগি জীৱন নিৰ্বাহ কৰি আহিছিল যদিও থাকিবলৈ নাছিল বাসস্থান ৷ চৰকাৰী আবাস গৃহ আঁচনিয়েও ঢুকি পোৱা নাই আইতাগৰাকীক । যাৰ ফলত আইতা গৰাকী জীৱন সংগ্ৰামৰ বিষয়ে ২৫ মে' তাৰিখে ইটিভি (ETV) ভাৰতত সবিশেষ প্ৰকাশ পাইছিল । তাৰ পাছতে স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে আইতা গৰাকীৰ ঘৰলৈ আহি আইতাক বিভিন্ন ধৰণৰ সুবিধা কৰি দিয়াৰ বিষয়ে সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ কৰিছিল যদিও সকলো ফুটুকা ফেন আছিল । অৱশেষত মৰাণ সমষ্টিৰ উন্নয়ন পৰিষদ নামৰ সংস্থাৰ জৰিয়তে যুৱক কেইজনে আইতা গৰাকীক সাজি দিছে বাসগৃহটো ৷