অসম

assam

ETV Bharat / state

প্ৰৱল খহনীয়াৰ গ্ৰাসত ডিব্ৰুগড়ৰ বৃহত্তৰ বগীবিল অঞ্চল - জলসম্পদ বিভাগ

বগীবিলৰ ভটিয়নীত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়া৷ বান-গৰাখহনীয়াই সন্ত্ৰাস কঢ়িয়াই আনিছে নদী পৰীয়া বাসীলৈ ৷ খহনীয়াৰ গ্ৰাসত চাউলখোৱাকে আদি কৰি দাতিকাষৰীয়া অঞ্চলসমূহ ৷

erosions-in-bogibeel-area-of-brahmaputra
প্ৰৱল খহনীয়াৰ গ্ৰাসত ডিব্ৰুগড়ৰ বৃহত্তৰ বগীবিল অঞ্চল

By

Published : Jun 15, 2021, 6:25 PM IST

ডিব্ৰুগড়, 15 জুন: ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰি ডিব্ৰুগড় জিলাত বহু প্ৰত্যাশিত বগীবিল দলং (Bogibeel Bridge) স্থাপন কৰাত উজনি অসমৰ ৰাইজৰ আশা-প্ৰত্যাশা সমূহ পূৰণ হ’ল যদিও একাংশৰ বাবে যেন এতিয়া অভিশাপ হৈ পৰিছে এই বগীবিল দলং খন ৷ কাৰণ বাৰিষাৰ আগমনৰ লগে লগে বগীবিল দলঙৰ ভটিয়নীত সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়া (Erosion) ৷

দিনে-নিশাই সংঘটিত হোৱা এই খহনীয়াত এতিয়া আতংকিত কেইবাখনো গাঁৱৰ লগতে বৃহত্তৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁৱৰ ৰাইজ ৷ বগীবিল দলং নিৰ্মাণৰ বাবে দলঙৰ দুইমূৰে প্ৰায় চাৰে তিনি কিলোমিটাৰ পৰ্যন্ত ব্ৰহ্মপুত্ৰ নদীক সংকোচন কৰি দিয়াৰ বাবেই দলঙৰ পশ্চিমে এতিয়া দেখা গিছে খহনীয়াৰ কালৰূপে ৷ ভয়াৱহ খহনীয়াৰ কৱলত পৰিছে বগীবিল দলঙৰ পশ্চিমে থকা মিচিং বসতিপ্ৰধান অঞ্চল বগীবিল চাউলখোৱাৰ পৰা আৰম্ভ কৰি মধুপুৰ মেডেলা সংৰক্ষিত বনাঞ্চল (Reserve Forest)ৰ প্ৰায় 4-5 কিলোমিটাৰৰ বিস্তীৰ্ণ অঞ্চল ৷

প্ৰৱল খহনীয়াৰ গ্ৰাসত ডিব্ৰুগড়ৰ বৃহত্তৰ বগীবিল অঞ্চল

এই খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে মধুপুৰ মেডেলা সংৰক্ষিত বনাঞ্চলৰ লগতে বৃহত্তৰ পশ্চিম ৰাজহ চক্ৰলৈকো ৷ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰ তথা জলসম্পদ বিভাগে (water resources department of assam) কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি চৰকাৰক শীঘ্ৰে বিজ্ঞান সন্মত আঁচনিৰ জৰিয়তে খহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী উৎথাপন কৰিছে মিচিং স্বায়ত্ব শাসিত পৰিষদে (Mising Autonomous Council)ও ৷

আনহাতে মিচিং ছাত্ৰ সন্থাইয়ো বাৰম্বাৰ ভাৰতীয় ৰেল বিভাগ, অসম চৰকাৰৰ জলসম্পদ বিভাগক খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উৎথাপন কৰি আহিছে ৷ লগতে তদানীন্তন ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইকে ধৰি বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই বৃহৎ সমস্যা সমাধানৰ আশ্বাস দিয়াৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৱে ৷

উল্লেখ্য যে, বগীবিল দলঙক কেন্দ্ৰ কৰি দলঙৰ পশ্চিম অঞ্চলত গঢ়ি উঠা পৰ্যটন স্থলী (tourist spot) খহনীয়াৰ কৱলত পৰি ইতিমধ্যেই নিশ্চিহ্ন হৈছে । এনে পৰিপেক্ষিতত সংশ্লিষ্ট বিভাগে এই ভয়াৱহ সমস্যা সমাধানৰ ক্ষেত্ৰত শীঘ্ৰে পদক্ষেপ গ্ৰহণ নকৰিলে ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াত পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওসমূহকে ধৰি এক বৃহৎ অঞ্চল মহাবাহুত বিলিন হোৱাটো নিশ্চিত ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ পাচতে ধলপুৰলৈ মন্ত্ৰী বিধায়কৰ সোঁত

ABOUT THE AUTHOR

...view details