মৰাণ,২৯ জুলাই:বান-গৰাখহনীয়াই বিপৰ্যস্ত কৰি তোলা লাহোৱাল সমষ্টিৰ অন্তৰ্গত ৰহমৰীয়াৰ গৰাখহনীয়া অতিশীঘ্ৰেই সমাধানৰ পথত(Problem of erosion of Rahmaria will be resolved soon) । সুদীৰ্ঘ সময় আন্দোলন কৰি থকা ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাইছে ৰাজ্য চৰকাৰে । ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ উদ্যোগত ৰহমৰীয়াৰ গেণীচুক ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিশেষ সম্বৰ্ধনা অনুষ্ঠানত এইকথা প্ৰকাশ কৰিছে বিধায়ক বিনোদ হাজৰিকাই(Implementation of several schemes of government due to erosion problem) ।
বিধায়ক বিনোদ হাজৰিকাই ৰহমৰীয়াত আধৰুৱা হৈ থকা নদীৰ গৰাখহনীয়া,বাট-পথ আৰু চিকিৎসাৰ সমস্যা অহা জানুৱাৰী মাহৰ ভিতৰত চৰকাৰৰ বহুকেইখন অভিলাষী আঁচনিৰ জৰিয়তে সমাধানৰ পথ প্ৰশস্ত হৈ পৰিব বুলি উল্লেখ কৰে । ইফালে আন্দোলনৰ ফলত সুৰ্দীঘ ২০ বছৰ ধৰি বন্ধ হৈ থকা অইল ইণ্ডিয়াৰ তৈল খাদটোও অহা এমাহৰ ভিতৰত মুকলি কৰিব বুলিও উল্লেখ কৰে বিধায়ক বিনোদ হাজৰিকাই । খাদটো অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বুলি জনাই বিধায়কগৰাকীয়ে ।