মাৰণ, 27 আগষ্ট : বুঢ়ীদিহিং নদীৰ বাঢ়নী পানী ক্ৰমাৎ শুকাবলৈ আৰম্ভ কৰিছে । ইয়াৰ সমান্তৰালভাৱে আৰম্ভ হৈছে নদীৰ গৰাখহনীয়া । চিন্তিত হৈ পৰিছে দিহিং মথাউৰিৰ কাষত বসবাস কৰা লোকসকল । এনেদৰে নিতৌ খহি কালৰূপ ধাৰণ কৰা দিহিং মথাউৰিৰ বাবে উজাগৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত নতুন বলাইৰ গাঁওবাসী । জিলাখনৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত লৰুৱা মৌজাৰ এলেকাধীন নতুন বলাই গাঁওখনৰ দাঁতিত থকা বুঢ়ীদিহিং নদীৰ গৰা খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে । সম্প্ৰতি বুঢ়ীদিহিঙৰ পানীয়ে দিহিং মথাউৰিটোৰ একাংশ খহাই পেলাইছে ।
এই ক্ষেত্ৰত সংশ্লিষ্ট জলসম্পদ বিভাগ , সমষ্টিৰ জনপ্ৰতিনিধি চক্ৰ গগৈ , জিলা প্ৰশাসন , গাঁও পঞ্চায়ত , জিলা পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদেও আজিকোপতি বিষয়টো কোনো গুৰুত্বৰ সহকাৰে লোৱা নাই বুলি ৰাইজে অভিযোগ তুলিছে । দীৰ্ঘদিন ধৰি এই মথাউৰিৰ কাষত খহনীয়া অব্যাহত থকাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে ।