মৰাণ, 29 জুন : ৰাজ্য চৰকাৰে তৎপৰতাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা কৈ থাকে ৷ কিন্তু খোদ ক্ৰীড়া, শক্তি আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ সমষ্টিত ঘৰ মাটি ভেঁটি হেৰুৱাই কান্দিছে ৰাইজে । ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অধীনৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং ভঁৰালিবাৰী কলিতা গাঁৱত বুঢ়ীদিহিং নদীৰ ভয়ানক গৰাখহনীয়াই গাঁও খনৰ বাবে প্ৰচণ্ড ভাবুকিৰ সৃষ্টি কৰিছে ।
উল্লেখযোগ্য যে, ১৯৮৫ চনৰ পৰা হোৱা বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই ২নং ভঁৰালিবাৰী কলিতা গাৱঁৰ বুকুৰ পৰা প্ৰায় ২৫০০ হেক্টৰ কৃষিভূমি খহাই গাওঁখনৰ অস্তিত্ব বিপন্ন কৰি তুলিছে । বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই ২নং ভঁৰালিবাৰী কলিতা গাঁৱৰ কৃষিভূমিৰ উপৰিও বহু পৰিয়ালৰ ঘৰৰ ভেঁটি উচন কৰাৰ লগতে উক্ত গাৱঁৰ ৬৫টা পৰিয়ালৰ ঘৰৰ ভেঁটিৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে ।