অসম

assam

লাহোৱালত ভাৰতীয় জনতা যুৱ মৰ্চা ডিব্ৰুগড় জিলাৰ কাৰ্যনিৰ্বাহক সভা

By

Published : Oct 28, 2020, 8:07 AM IST

লাহোৱালৰ কৰম ভৱনত আজি ভাৰতীয় জনতা যুৱ মৰ্চা ডিব্ৰুগড় জিলাৰ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন ৷ এই সভাত জিলাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ বিজেপি নেতায়ো অংশগ্ৰহণ কৰিব বুলি জনায় জিলাখনৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিষয়ববীয়াসকলে ৷

End of preparation for executive meeting of Bharatiya yuba marcha Dibrugarh
লাহোৱালত ভাৰতীয় জনতা যুৱ মৰ্চা ডিব্ৰুগড় জিলাৰ কাৰ্যনিৰ্বাহক সভা

মৰাণ,28 অক্টোবৰ : আজি ডিব্ৰুগড় জিলাৰ লাহোৱালৰ কৰম ভৱনত অনুষ্ঠিত হ'ব ভাৰতীয় জনতা যুৱ মৰ্চা ডিব্ৰুগড় জিলাৰ কাৰ্যনিৰ্বাহক সভা ৷ ইতিমধ্যে সভাৰ সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে উদ্যোক্তাসকলে ৷ সভাৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লোৱাৰ লগতে দলীয় কৰ্মীসকলৰ কাম-কাজত কিছু সহায়ৰ হাত আগবঢ়াই ডিব্ৰুগড় জিলা বিজেপিৰ উপ-সভাপতি তথা ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই ৷

লাহোৱালত ভাৰতীয় জনতা যুৱ মৰ্চা ডিব্ৰুগড় জিলাৰ কাৰ্যনিৰ্বাহক সভা

সভাখনত ডিব্ৰুগড় জিলা যুৱ মৰ্চাৰ সভাপতি জোণ্টি গগৈ,অসম প্ৰদেশৰ ৰাজ্যিক চাহ মৰ্চাৰ উপ-সভাপতি সুশীল তাছাৰ লগতে বিভিন্ন পদত অধিষ্ঠিত জিলাখনৰ যুৱ মৰ্চা আৰু স্থানীয় লাহোৱাল মণ্ডলৰ সতীৰ্থ,কাৰ্যকৰ্তা সকলোৱে সভা প্ৰস্তুতিত সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয় ৷

লাহোৱালত ভাৰতীয় জনতা যুৱ মৰ্চা ডিব্ৰুগড় জিলাৰ কাৰ্যনিৰ্বাহক সভা

আজিৰ এই কাৰ্যনিৰ্বাহক সভাত জিলাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ বিজেপি নেতায়ো অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে জিলাখনৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিষয়ববীয়াসকলে ৷

উল্লেখ্য যে,21ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যিক বিজেপিয়ে অসমৰ বিভিন্ন ঠাইত এখনৰ পাচত আনখন সভা অনুষ্ঠিত কৰি দলীয় স্থিতি অধিক শক্তিশালী কৰাৰ চেষ্টাঅব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :মাডাৰ বৃদ্ধাৱাসত কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ জন্মদিন উদযাপন

ABOUT THE AUTHOR

...view details