মৰাণ, 22 ফেব্ৰুৱাৰী: এইবাৰ ডিব্ৰুগড়ৰ মৰাণত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Encounter at Moran) ৷ ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত কাচমাৰীত মঙলবাৰে সন্ধিয়া সংঘটিত এই এনকাউন্টাৰৰ ঘটনা ৷
Encounter at Moran: মৰাণত অসম আৰক্ষীৰ এনকাউণ্টাৰ - ডিব্ৰুগড়ত এনকাউণ্টাৰ
ডিব্ৰুগড়ৰ মৰাণত অসম আৰক্ষীৰ এনকাউণ্টাৰ (Encounter at Moran)৷ এনকাউণ্টাৰত একাধিক অপৰাধজনিত ঘটনাৰ সৈতে জড়িত এজন দুধৰ্ষ অপৰাধী আহত ৷

মৰাণত অসম আৰক্ষীৰ এনকাউণ্টাৰ
এনকাউণ্টাৰত পিটকু ওৰফে বিকাশ ওৰফে অৰুণ কুৰ্মী নামৰ এজন দুধৰ্ষ অপৰাধী গুলিবিদ্ধ ৷ গুলিবিদ্ধক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ প্ৰেৰণ কৰা হৈছে ৷ এনকাউণ্টাৰত আহত লোকজনৰ পৰা আৰক্ষীয়ে অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পিটকু ওৰফে বিকাশ ওৰফে অৰুণ কুৰ্মী পূৰ্বৰে পৰা একাধিক অপৰাধজনিত ঘটনাৰ সৈতে জড়িত আছিল ৷
লগতে পঢ়ক:বোকাখাতৰ চাঞ্চল্যকৰ গুলীচালনা: অপৰাধীক আটক কৰাত ব্যৰ্থ আৰক্ষী