ডিব্ৰুগড়,15 মাৰ্চ: নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত সোঁত বৈছে বহু ৰাজনৈতিক নেতাৰ ৷ সোমবাৰে ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ডিব্ৰুগড়ৰৰ ডিব্ৰুজান খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷
এই নিৰ্বাচনী সভাতেই কংগ্ৰেছ দল আৰু বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ চৌহানে যি পাৰ্টীৰ নিজৰ কোনো গেৰেণ্টি নাই সি আনৰ গেৰেণ্টি কেনেকৈ ল’ব বুলি কটাক্ষ কৰে কংগ্ৰেছক ৷ আনহাতে, বদৰুদ্দিন আজমলে আতৰ বিক্ৰী কৰে কিন্তু বিষ বিয়পাই বুলি মন্তব্য কৰে শিৱৰাজ সিং চৌহানে ৷