মৰাণ,13 মে':শুকুৰবাৰে দেশজুৰি পালন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ । প্ৰায় এমাহযোৰা ৰমজান মাহৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে ত্যাগ আৰু ভাতৃত্ববোধৰ উৎসৱ ঈদ-উল-ফিতৰ । পিছে ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ ঈদ উদযাপনৰ পৰা বিৰত থাকিব নাহৰকটীয়াৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে । ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ বাবে নাহৰকটীয়া জামা মছজিদে বাতিল কৰিছে ঈদৰ নামাজ ।
নাহৰকটীয়াত ঈদৰ সমূহীয়া নামাজ বাতিল - এমাহ যোৰা ৰমজান মাহ
ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ ঈদ উদযাপনৰ পৰা বিৰত থাকিব নাহৰকটীয়াৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল ৷ চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাক সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰিছে জামা মছজিদ পৰিচালনা সমিতিয়ে ৷
![নাহৰকটীয়াত ঈদৰ সমূহীয়া নামাজ বাতিল eid-ul-fitr-namaz-cancel-by-naharkotiya-jama-masjid-committee](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11749254-thumbnail-3x2-img.jpg)
কভিড১৯ : ঈদৰ নামাজ বাতিল নাহৰকটীয়া জামা মছজিদ পৰিচালনা সমিতিৰ
ঈদৰ সমূহীয়া নামাজ বাতিল নাহৰকটীয়াৰ জামা মছজিদ পৰিচালনা সমিতিৰ
বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা ঘোষণা কৰে নাহৰকটীয়া জামা মছজিদ পৰিচালনা সমিতিয়ে । ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাক সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰিছে জামা মছজিদ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে । লগতে ক’ভিডৰ এই ভয়াৱহ পৰিৱেশৰ মাজত সকলোকে সজাগ আৰু সুৰক্ষিত হৈ থাকিবলৈও আহ্বান জনাইছে জামা মছজিদ পৰিচালনা সমিতিয়ে ।
লগতে পঢ়ক :ক’ভিড 19: কঠোৰ হৈছে তিনিচুকীয়া প্ৰশাসন