মৰাণ,15 মে’: শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হয় পবিত্ৰ ঈদ-উল-ফিতৰ ৷ পবিত্ৰ ঈদৰ দিনটোত আনন্দ-উল্লাসৰ বিপৰীতে নিমাওমাও পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ইছলাম ধৰ্মাৱলম্বী অঞ্চলসমূহত । কৰ'ণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ ক’ভিড নীতি-নিৰ্দেশনাৰ মাজতে মৰাণৰ বিভিন্ন অঞ্চলত ইছলামধৰ্মী ৰাইজে ঘৰতে সম্পন্ন কৰিলে পবিত্ৰ ঈদ-উল-ফিতৰৰ নামাজ ৷
মৰাণৰ বিভিন্ন ঠাইত অনুষ্টুপীয়াকৈ ঈদ-উল-ফিতৰ উদযাপন - ক’ভিড নীতি-নিৰ্দেশনা
চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি মৰাণৰ বিভিন্ন অঞ্চলত ইছলামধৰ্মী ৰাইজে ঘৰতে সম্পন্ন কৰিলে পবিত্ৰ ঈদ-উল্-ফিতৰৰ নামাজ ৷
মৰাণৰ বিভিন্ন ঠাইত অনুষ্টুপীয়াকৈ ঈদ-উল্-ফিটৰ উদযাপন
আনহাতে, পবিত্ৰ ঈদৰ নামাজ শেষ কৰি কৰ'ণা মহামাৰীৰ পৰা সমগ্ৰ বিশ্বৰ মানৱ জাতিক পৰিত্ৰাণ দিয়াৰ অৰ্থে সকলোৱে আল্লাৰ ওচৰত দোৱা কৰাৰ উপৰিও বিশ্ববাসীৰ সুখ-শান্তিৰ বাবেও দোৱা মাগিলে ইছলামধৰ্মী লোকসকলে ৷
লগতে পঢ়ক : বৰপেটাত ক’ভিড প্ৰট’কল মানি ঈদৰ নামাজ