অসম

assam

ETV Bharat / state

কৃষি আইনৰ বিৰোধিতাৰে মাহমৰাত প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ - নেতা-কৰ্মীয়ে

কৃষি আইন বাতিলৰ দাবীত মাহমৰা কংগ্ৰেছৰ প্ৰতিবাদ । খেতি পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ উজাৰে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে । মাহমৰা সমষ্টিৰ ডবা মণ্ডল কংগ্ৰেছ কমিটী, ডবা মণ্ডল যুৱ কংগ্ৰেছ কমিটীৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ।

কৃষি আইন বাতিলৰ দাবীত মাহমৰা কংগ্ৰেছৰ প্ৰতিবা
কৃষি আইন বাতিলৰ দাবীত মাহমৰা কংগ্ৰেছৰ প্ৰতিবা

By

Published : Dec 9, 2020, 1:03 PM IST

মৰাণ, ৯ ডিচেম্বৰ: দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহৰ সঁহাৰি জনাই অসমৰ ৰাজনৈতিক দলসমূহেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । মঙলবাৰে কৃষক ইউনিয়নে আহ্বান জনোৱা ভাৰত বন্ধৰ সমৰ্থনত মৰাণৰ মাহমৰাতো বিক্ষোভ প্ৰদৰ্শন কৰে কংগ্ৰেছে ।

কৃষি আইন বাতিলৰ দাবীত মাহমৰা কংগ্ৰেছৰ প্ৰতিবা

পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে মাহমৰা সমষ্টিৰ ডবা মণ্ডল কংগ্ৰেছ কমিটী, ডবা মণ্ডল যুৱ কংগ্ৰেছ কমিটীয়ে ।

কৃষি আইন বাতিলৰ দাবীত মাহমৰা কংগ্ৰেছৰ প্ৰতিবা

লগতে কৃষক বিৰোধী আইনখন বাতিলৰ দাবী জনায় । সমান্তৰালভাৱে মৰাণৰ কৃষক সংগঠনৰ লগতে বহুকেইটা জাতীয় সংগঠনেও ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাই প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰা পৰিলক্ষিত হয় ।

কৃষি আইন বাতিলৰ দাবীত মাহমৰা কংগ্ৰেছৰ প্ৰতিবা

কৃষকৰ স্বাৰ্থত সকলো ওলাই আহি প্ৰতিবাদ কৰিছে যদিও এই প্ৰতিবাদৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে কিমান গুৰুত্ব আৰোপ কৰে সেইয়া সময়তহে পৰিলক্ষিত হ'ব । কৃষি আইন বাতিলৰ দাবীত এতিয়াও দিল্লীত বিদ্ৰোহ অব্যাহত ৰাখিছে কৃষক সমাজে ।

লগতে পঢ়ক:মুকলি হ'ল সাংসদ নৱ কুমাৰ শৰণীয়াঃধন বিতৰণৰ অভিযোগ নস্যাৎ

ABOUT THE AUTHOR

...view details