মৰাণ,11 নৱেম্বৰ:ডিমৌ নদীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে মৰাণ সমষ্টিৰ এখন গাঁৱলৈ ৷ ধেমেচীৰ কলালোৰ কোঁচ গাঁৱত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ ৷ কলালোৰ কোঁচ গাঁৱৰ মাজেৰে যোৱা মৰাণ-নিতাই সংযোগী পথৰ আখৈফুটিয়াত ডিমৌ নদীৰ গৰাখহনীয়াই পথটোলৈ ভাবুকি কঢ়িয়াইছে । নদীখনৰ গৰাখহনীয়া ইমানেই বৃদ্ধি পাইছে যে আৰু অলপ গৰা খহিলেই পথটো বিচ্ছিন্ন হৈ পৰিব। স্থানীয় ৰাইজৰ মতে বাৰিষা নদীখনৰ পানী উফন্দি উঠিলেই চপৰা চপৰে খহি যায় গৰা। বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পাছতো গৰাখহনীয়া ৰোধ কৰিবলৈ কোনো গুৰুত্ব দিয়া নাই ৷ প্ৰতিশ্ৰুতি দিও ঠাইখনৰ কথা পাহৰিলে
মৰাণত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ - ধেমেচীৰ কলালোৰ কোঁচ গাঁও
মৰাণ সমষ্টিৰ এখন গাঁৱলৈ ভাবুকি কঢ়িয়াইছে ডিমৌ নদীৰ গৰাখহনীয়াই | মৰাণ-নিতাই সংযোগী পথৰ আখৈফুটিয়াত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ প্ৰতিশ্ৰুতি দিওঁ ঠাইখনৰ কথা পাহৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে ৷ স্থানীয় লোকে শীঘ্ৰে এই খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷
![মৰাণত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ A_Moran_801to805_Effect of Erosion on a road in Moran_vis_As10031](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9507033-thumbnail-3x2-hhh.jpg)
কলালোৰ কোঁচ গাঁৱত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ
কলালোৰ কোঁচ গাঁৱত ডিমৌ নদীৰ গৰাখহনীয়াই লৈছে ভয়াৱহ ৰূপ