অসম

assam

বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক ধুবুৰীলৈ বদলি

By

Published : Sep 30, 2021, 8:35 PM IST

বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক অৱশেষত ধুবুৰীলৈ শাস্তিমূলক বদলি কৰিলে শিক্ষা বিভাগে ৷ শিক্ষা বিভাগৰ এই নিদৰ্শনাক আদৰণি জনাইছে সকলোৱে ।

Principal of Moran College
বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক ধুবুৰীলৈ বদলি

মৰাণ, 30 ছেপ্টেম্বৰ : ৰাজনৈতিক শক্তি আৰু ধনৰ বলে ৰক্ষা কৰিব নোৱাৰিলে উজনি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক । মাহৰ পিছত মাহ মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে প্ৰতিবাদ কৰা পাছতহে ৰাজ্যৰ শিক্ষা বিভাগৰ গা লৰিল ।

বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক ধুবুৰীলৈ বদলি

বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক অৱশেষত ধুবুৰীলৈ শাস্তিমূলক বদলি কৰিলে শিক্ষা বিভাগে । শিক্ষা বিভাগৰ এই নিৰ্দেশনা ৰাজহুৱা হোৱাৰ পাছতে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে মৰাণৰ সচেতন ৰাইজে আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । সকলোৱে শিক্ষা বিভাগৰ এই নিদৰ্শনাক আদৰণি জনাইছে ।

লগতে পঢ়ক:এটা মাহত ১৫ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী অসমত

উল্লেখ যে, বিতৰ্কিত অধ্যক্ষা মিতালী কোঁৱৰে এটা বছৰ পূৰ্বে ঘৰত বন কৰা এটি শিশুক গৰম পানী ধালি নিৰ্যাতন চলাইছিল । ইয়াৰ পাছতে মিতালী কোঁৱৰ অধ্যক্ষা পদৰ পৰা নিলম্বিত হৈ জেলতো থাকিব লগা হৈছিল । পৰৱৰ্তী সময়ত এই এগৰাকী বিতৰ্কিত অধ্যক্ষাক পুনৰ মৰাণ মহাবিদ্যালয়ত অধ্যক্ষা হিচাপে শিক্ষা বিভাগে দায়িত্ব দিয়াত জাঙুৰ খাই উঠিছিল মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ । সকলোৱে দাবী কৰিছিল এই গৰাকী বিতৰ্কিত অধ্যক্ষাক মৰাণ মহাবিদ্যালয়ত প্ৰৱেশ কৰিলৈ দিয়া নহ'ব ।

লগতে পঢ়ক:শ্বহীদক অপমান : শ্বেৰমান আলীৰ বিৰুদ্ধে মঙলদৈত উত্তাল প্ৰতিবাদ

লগতে মিতালী কোঁৱৰে অধ্যক্ষা হৈ থকা সময়ত মৰাণ মহাবিদ্যালয়ৰ বিভিন্ন ধৰণৰ দুৰ্নীতি সংঘটিত কৰাৰ তথ্য ছাত্ৰ সমাজে ৰাজহুৱা কৰিছিল আৰু এই সকলোবোৰ দুৰ্নীতি অনিয়ম তদন্তৰ দাবীত অখিল ভাৰতীয় বিদ্যাৰ্থী (ABVP) মৰাণ আঞ্চলিক সমিতিয়ে এজাহাৰো দাখিল কৰিছিল । কিন্তু ধন বল আৰু ৰাজনীতিৰ প্ৰভাৱ খতুৱাই মিতালী কোঁৱৰে ছাত্ৰ সমাজৰ প্ৰতিবাদক কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল ।

মিতালী কোঁৱৰে প্ৰতিবাদ কৰা ছাত্ৰক বিভিন্ন মনেসজা গোচৰত আৰক্ষীৰ হতুৱাই আটক কৰাইছিল । কিন্তু ড৹ মিতালী কোঁৱৰৰ কোনো ধৰণৰ কুট কৌশলে কাম নিদিলে । ছাত্ৰ সমাজৰ প্ৰতিবাদক গুৰুত্ব দি শিক্ষা বিভাগে মিতালী কোঁৱৰক ধুবুৰীৰ প্ৰমথেশ বৰুৱা কলেজলৈ শাস্তিমূলক বদলিৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক:অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবীত কৰিমগঞ্জত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details