ডিব্ৰুগড়, 18 জুলাই: নিবাৰ্চন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ খচৰা প্ৰকাশ কৰাৰ পাছতেই ৰাজ্যত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াৰ ৷ মঙলবাৰৰ দিনটোতো প্ৰকাশিত খচৰাত সমষ্টি বিলুপ্তিকৰণক সন্দৰ্ভত বিভিন্ন জিলাত অব্যাহত থাকিল প্ৰতিবাদ আৰু ধৰ্ণা ৷ ৰাজ্যত অব্যাহত থকা প্ৰতিবাদ তথা প্ৰতিক্ৰিয়াৰ মাজতে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাইজৰ মতামত গ্ৰহণ কৰিবলৈ বুধবাৰে অসমলৈ আহিব কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দল ৷
নিৰ্বাচন আয়োগৰ নতুন সমষ্টি নিৰ্ধাৰণক লৈ মঙলবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় এখনি সজাগতা সভা ৷ নতুন সমষ্টি নিৰ্ধাৰণক লৈ যিসকলে ডিব্ৰুগড় জিলাৰ পৰা নিৰ্বাচন আয়োগলৈ আবেদন কৰিছিল সেই শুনানি ডিব্ৰুগড় জিলাৰ বাবে 21 জুলাইত গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব ৷ মঙলবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত এখন সজাগতামূলক সভা অনুষ্ঠিত হয় ৷ কেনেকৈ নিৰ্বাচন আয়োগৰ ওচৰত ডিব্ৰুগড় জিলাৰ নতুন সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত কম সময়ৰ ভিতৰত ৰাজহুৱা শুনানি দাঙি ধৰিব পাৰে সেই বিষয়ে দল সংগঠনৰ প্ৰতিনিধিৰ লগতে বিভিন্ন আবেদনকাৰীসকলক অৱগত কৰে জিলা প্ৰশাসনে ৷