ডিব্ৰুগড়,২৮ এপ্ৰিল: বুধবাৰে পুৱা প্ৰবল ভূমিকম্পই জোকাৰি যায় সমগ্ৰ অসমক । এই ভূমিকম্পৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত ক্ষতিসাধন হয় । ডিব্ৰুগড়তো ঠায়ে ঠায়ে ক্ষয়-ক্ষতি হয় । বুধবাৰে পুৱা 7.52 বজাত সমগ্ৰ অসমকে জোঁকাৰি যোৱা ভূমিকম্পৰ ফলত ডিব্ৰুগড়ৰ সাংবাদিক সূৰজ দত্তৰ বাসগৃহতো বিস্তৰ ক্ষতিসাধন হয় । দত্তৰ গৃহৰ কাঁচৰ বহু মূল্যবান আচবাব পকী মজিয়াত পৰি ভাঙি যায় ।
চহৰখনৰ দাঁতি কাষৰীয়া কেবাটাও গৃহৰ দেৱালত ফাঁট সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে । বৰ্তমানেও আতংকিত হৈ পৰিছে ৰাজ্যবাসী । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৬.৭ । এই ভূঁইকপৰ পাচতে পুনৰবাৰ এক মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।