মৰাণ, ২৯ ছেপ্টেম্বৰ:কঁহুৱা-কোমল উশাহ লৈ, শেৱালি কোমল হাঁহিটিৰে শৰৎ আকৌ আহিছে । বতাহত লহপহকৈ হালি উঠা কঁহুৱাৰ লয়-লাস-ছন্দই শৰতৰ মধুময় দিনৰ আদৰণি জনাইছে । শেৱালি সুবাসেৰে আমোলমোল কৰা পদুলিমুখত নিয়ৰসিক্ত দুবৰিৰ দলিচাত যাওঁ বুলি যাবই নোখোজা মন এটা লৈ আহি আছে শৰৎ ।
শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইদিনমান বাকী (Durga Puja 2022 in Assam)। দুৰ্গাদেৱীৰ আগমনত পূজা-অৰ্চনাৰ বাবে সকলো সাজু হৈছে । জাক-জমকতাৰে ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপ । ব্যস্ততা বাঢ়িছে পূজা সমিতি,মৃন্ময় শিল্পী সকলৰ । ভক্ত সকলক আকৰ্ষণ কৰিবলৈ পূজা মণ্ডপ সমূহত অঘোষিত প্ৰতিযোগীতা চলিছে । ইয়াৰ ব্যতিক্ৰম নহয় মৰাণৰ পূজা মণ্ডপ সমূহ ।
সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় (Durga Puja at Dibrugarh) আৰু চৰাইদেউ (Durga Puja at Charaideo) জিলাৰ সীমাত অৱস্থিত মৰাণত দেখা পোৱা গৈছে শাৰদীয় দুৰ্গোৎসৱকলৈ উৎসাহ উদ্দীপনা । মৰাণৰ প্ৰতিখন পূজা সমিতিৰ দুৰ্গা পূজা উপলক্ষে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । এইবাৰ মৰাণত ৩৭ খন পূজাৰ প্ৰস্তুতি চলিছে ।