মৰাণ, 26 অক্টোবৰ :কৰ‘ণা মহামাৰীয়ে ম্লান কৰিলে দুৰ্গা পূজাৰ আনন্দ-উল্লাস । সোমবাৰে বিজয়া দশমীৰ দিনাও মানুহৰ মাজত দেখা পোৱা নগ'ল বিশেষ উচাহ। মৰাণৰ সমীপৰ খোৱাঙৰ বুঢ়ীদিহিং নদী (গেমন)ত মৰাণ,খোৱাং,লেপেটকটা আৰু বৰবৰুৱা পূজা মণ্ডপৰ প্ৰায় ১৪ খন দেৱী প্ৰতিমা বিসৰ্জন দিয়া হয়। মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া আৰু ইয়াৰ অধীনৰ আটাইকেইখন থানাৰ আৰক্ষী বিষয়াৰ সহিতে আৰক্ষী লোকসকলৰ উপস্থিতিত সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে দেৱী বিসৰ্জন দিয়া হয় ।
মৰাণৰ বুঢ়ীদিহিং নদীত ১৪ খন পূজা মণ্ডপৰ দেৱী প্ৰতিমা বিসৰ্জন - durga puja 2020
কৰ‘ণা মহামাৰীয়ে ম্লান কৰিলে দুৰ্গা পূজাৰ আনন্দ-উল্লাস। সোমবাৰে বিজয়া দশমীৰ দিনাও মানুহৰ মাজত দেখা পোৱা নগ'ল বিশেষ উচাহ। মৰাণৰ সমীপৰ খোৱাঙৰ বুঢ়ীদিহিং নদী (গেমন)ত মৰাণ,খোৱাং,লেপেটকটা আৰু বৰবৰুৱা পূজা মণ্ডপৰ প্ৰায় ১৪ খন দেৱী প্ৰতিমা বিসৰ্জন দিয়া হয়।
মৰাণৰ বুঢ়ীদিহিং নদীত ১৪ খন পূজা মণ্ডপৰ দেৱী প্ৰতিমা বিসৰ্জন
আজি এই বিসৰ্জনস্থলীত পূৰ্বৰ তুলনাত মানুহৰ সমাগম তেনেই সেৰেঙা,নাই আনন্দ-উল্লাস। কেৱল পৰম্পৰা ৰক্ষা কৰি দেৱী প্ৰতিমা সমূহ বিসৰ্জন দিয়া পৰ্ব সমাপন কৰা হয়। বিসৰ্জনস্থলীত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈও উপস্থিত থাকি পৰিৱেশ পৰ্যবেক্ষণ কৰে ।
লগতে পঢ়ক: মৰিগাঁৱত উলহ মালহৰে দেৱী বিৰ্সজন পৰ্ব আৰম্ভ