অসম

assam

ETV Bharat / state

প্ৰায় ৩০ লাখ টকাৰ জাল নোট জব্দ - chabua police

ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰে ৷ গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে মৰাণ আৰু চাবুৱাৰ পৰা জব্দ কৰে প্ৰায় 30 লাখ টকা ৷ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে তিনি সৰবৰাহকাৰীকো ৷

duplicate-money-seized-in-moran
চাবুৱা আৰক্ষীৰ অভিযানত প্ৰায় ৩০ লাখ টকাৰ জাল নোট জব্দ

By

Published : Apr 13, 2021, 10:48 PM IST

মৰাণ, 13 এপ্ৰিল : ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই বৃহৎ পৰিমাণৰ জালনোট জব্দ কৰে ৷ জাল নোট জব্দ কৰাৰ লগতে আৰক্ষীয়ে জালনোট সৰবৰাহৰ লগত জড়িত এটা বৃহৎ চক্ৰ উৎখাত কৰে ৷

চাবুৱা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি প্ৰথমে চাবুৱাত ২ লাখ ৪০ হাজাৰ টকাৰ সৈতে এগৰাকী মহিলা আৰু দুজন পুৰুষক হাতে-লোটে কৰায়ত্ব কৰে । তিনিওজন লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত মৰাণৰ জয়ানগৰৰ এটা ভাৰাঘৰত প্ৰায় ২৭ লাখ ৬০ হেজাৰ মূল্যৰ জালনোট জব্দ কৰিবলৈ সক্ষম হয় চাবুৱা আৰক্ষীয়ে । জয়া নগৰৰ ভাৰাতীয়া ঘৰৰ পৰা বৃহৎ পৰিমাণৰ জালনোটৰ সৈতে নোট তৈয়াৰ কৰা বহু সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

চাবুৱা আৰক্ষীৰ অভিযানত প্ৰায় ৩০ লাখ টকাৰ জাল নোট জব্দ

উল্লেখ্য যে, চাবুৱাৰ এখন ধাবাত ঘটনাৰ সৈতে জড়িত তিনিজন লোকক আৰক্ষীয়ে সোমবাৰে দুপৰীয়া গ্ৰেপ্তাৰ কৰিছিল আৰু নিশালৈ লোক কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত চাবুৱা আৰক্ষীয়ে মৰাণৰ পৰা বৃহৎ পৰিমাণৰ ধনৰাশি জব্দ কৰে ৷ মৰাণৰ লেঙেৰীৰ বিপুল গোঁহাই, তিনিচুকীয়াৰ বৰডুমচাৰ মহঙৰ উৎপল শইকীয়া আৰু তিনিচুকীয়াৰ হিজুগুৰি চনুলতা চক্ৰৱৰ্তী নামৰ মহিলাক আৰক্ষীয়ে ঘটনাৰ সৈতে জডিত থকাৰ অভিযোগত কৰায়ত্ব কৰিছে ।

লগতে পঢ়ক: গুৱাহাটীত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details