ডিব্ৰুগড়,3 মাৰ্চ:মঙলবাৰে নিশা ডিব্ৰুগড়ৰ লাহোৱালত দুৰ্ঘটনাত পতিত হৈছে এখন দ্ৰুতবেগী ডাম্পাৰ ৷ জানিব পৰা মতে, দ্ৰুতবেগী ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পকী ৰেলিঙত খুন্দা মাৰি প্ৰায় 100 ফুট তলৰ চেঁচা নৈৰ পানীত পৰে ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, অত্যধিক বোজাৰ ফলতে তীব্ৰ বেগেৰে আহি থকা ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই কেইবাখনো বাহনক খুন্দিয়াবলৈ উদ্যত হৈ অৱশেষত নদীত পৰে ৷ দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ এ এচ 06 4647 ৷
লাহোৱালত ৰেলিং ভাঙি নৈত পৰিল ডাম্পাৰ
ডিব্ৰুগড়ত ডাম্পাৰৰ দৌৰাত্ম্য ৷ দলঙৰ ৰেলিং ভাগি চেঁচা নদীত পৰিল ডাম্পাৰ ৷ সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা চালকৰ ৷ আঘাতপ্ৰাপ্ত চালকগৰাকীক উদ্ধাৰ কৰি আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷
dumper falls into river in lahowal
প্ৰাপ্ত তথ্য অনুসৰি, ডাম্পাৰখনত থকা চালক গৰাকীৰ কথমপি প্ৰাণৰক্ষা পৰে ৷ অৱশ্যে জীৱন ৰক্ষা পৰিলেও চালক গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত চালক গৰাকীক উদ্ধাৰ কৰি আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক:টিংখাঙত ড্ৰাগছৰ ঘাটি উৎখাত