মৰাণ,২৫ মে':ৰাজ্যত এতিয়া নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে । ডিব্ৰুগড় আৰক্ষীয়েও জিলাখনত অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । সোমবাৰে নিশা দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য সহ নগদ ধন জব্দ কৰে ।
জানিব পৰা মতে আৰক্ষীৰ দলটোৱে ৯৭ টা সৰু কণ্টেইনাৰত নিষিদ্ধ হেৰ'ইন, প্ৰায় ২৫ কিলোগ্ৰাম গাঞ্জা ,দুটা চিৰিঞ্জ জব্দ কৰে । ইয়াৰোপৰি ML-১০-B-৮১০৪ নম্বৰৰ বিলাসী বাহন,চাৰিটা ম'বাইল ফোন আৰু ১ লাখ ৮৮ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে ।