ডিব্ৰুগড়,১৫ ফ্ৰেব্ৰুৱাৰী:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ(DU ragging case) মুল অভিযুক্ত(DU Ragging incident main accused) তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বহিষ্কৃত সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীয়ে লাভ কৰে জামিন(DU ragging case prime accused Rahul Chhetri gets bail) । মঙলবাৰে ৰাহুল ছেত্ৰীৰ জামিন মঞ্জুৰ কৰে ডিব্ৰুগড় আদালতে । প্ৰায় ৭০ দিন ধৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৰাহুল ছেত্ৰী । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ গ্ৰেপ্তাৰক লৈ সেই সময়ত সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল(DU ragging case prime accused) ।
ৰাহুল ছেত্ৰীয়ে জামিন লাভ কৰাৰ পাছতেই আনন্দত উৎফুল্লিত হৈ পৰে ৰাহুলৰ সতীৰ্থসকল । তেওঁৰ অধিবক্তাই এই সন্দৰ্ভত কয় যে দীঘলীয়া শুনানীৰ অন্তত ছেত্ৰীয়ে এই জামিন লাভ কৰিছে । ৰাহুল ছেত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ(Dibrugarh University) মূল অভিযুক্ত হয়নে নহয় সেই সন্দৰ্ভত অধিবক্তাগৰাকীয়ে কয় যে, যিহেতু গোচৰটো এতিয়াও আদালতৰ বিচাৰাধীন । গতিকে আদালতত উপযুক্ত তথ্য দাঙি ধৰাৰ পাছত আদালতে দিয়া ৰায়ৰ ভিত্তিতহে এই বিষয়ে সঠিককৈ ক'ব পৰা যাব(Dibrugarh University ragging case) ।
উল্লেখযোগ্য যে ২০২২ চনৰ ২৭ নৱেম্বৰ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল সেই ভয়ংকৰ ৰেগিং কাণ্ড(Ragging at Dibrugarh university) । বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত এই ৰেগিঙৰ কাণ্ডই ৰাজ্য কঁপাই তুলিছিল । এই ৰেগিঙ কাণ্ডত গুৰুতৰভাৱে আহত হৈছিল আনন্দ শৰ্মা নামৰ ছাত্ৰজন । এই ঘটনাৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীৰ নাম সাঙোৰ খাইছিল ।