ডিব্ৰুগড়,8 এপ্ৰিল: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত ভোটদান প্ৰক্ৰিয়াৰ পাছতে আৰম্ভ হৈছে ভোট গণনা । ইতিমধ্যে দুগৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে ৷ বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী কমিটিয়ে আনুষ্ঠানিকভাৱে প্ৰতিটো পদৰ ফলাফল ঘোষণাৰ পাছতহে দুই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলি জনাইছে ।
ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ধামখুমীয়াৰ পাছতেই অনুষ্ঠিত হোৱা উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত মুঠ ১৮ টা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৩৫ গৰাকী প্ৰতিদ্বন্দ্বীৰ ভৱিষ্যত নিৰ্ধাৰণ হ'ব । ছাত্ৰ ৰাজনীতিৰ দুৱাৰদলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত এইবাৰ মুঠ ভোটাৰ আছিল ৪,৬১৫ গৰাকী ৷ বৰ্তমানলৈকে প্ৰাৰ্থীসকলে ৩,৩৩৮ টা ভোট লাভ কৰিছে ৷
বহু বাদ-বিসম্বাদ, ছাত্ৰ পক্ষৰ আন্দোলন আদিৰ বিসংগতিৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন বিগত দুটা বছৰে অনুষ্ঠিত নোহোৱাকৈ থকা লগতে দুটা শৈক্ষিক বৰ্ষ স্নাতকোত্তৰ ছাত্র একতা অবিহনেই শেষ হ'ল । ২০১৮-১৯ আৰু ১৯-২০ বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ থকাৰ পাছত এইবাৰ ২০২০-২০২১ বৰ্ষৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে ।