অসম

assam

ETV Bharat / state

মাতাল শিক্ষকৰ বাবে অনিশ্চয়তাত শিক্ষাৰ্থীৰ ভৱিষ্যত ! - শিক্ষা বৃত্তিত কালিমা নাহৰকটীয়া চাচনীৰ এজন শিক্ষকৰ

শিক্ষা বৃত্তিত কালিমা নাহৰকটীয়া চাচনীৰ এজন শিক্ষকৰ ৷ দৈনিক সুৰাপান কৰি বিদ্যালয়লৈ আহে শিক্ষক গৰাকী ৷ অনিৰ্দিষ্ট কাললৈ বিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ শিক্ষক গৰাকীৰ ৷

drunk teacher creates scene
মাতাল শিক্ষকৰ বাবে অনিশ্চয়তাত শিক্ষাৰ্থীৰ ভৱিষ্যত

By

Published : Nov 22, 2021, 10:08 PM IST

মৰাণ, 22 নৱেম্বৰ :নাহৰকটীয়া চাচনীৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকে নিতৌ মদ্যপান কৰি বিদ্যালয়লৈ অহাৰ বাবে স্থানীয় ৰাইজে ৰাজহুৱা সভা আয়োজন কৰি অনিৰ্দিষ্ট কাললৈ বিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰিলে প্ৰধান শিক্ষক গৰাকীক । নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত উৰিয়ামগুৰিৰ উদয়পুৰ মজলীয়া বিদ্যালয়(Udaipur M V School)ত এই ঘটনা ৷

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিষ্ণু দত্তই নিতৌ অত্যাধিক সুৰাপান কৰি নিচাসক্ত হৈ বিদ্যালয়ৰ চৌহদতে পৰি থাকে ৷ ফলত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাই নহয় লজ্জানত কৰিছে শিক্ষক সমাজক ৷ আনকি সুৰাপান কৰিবৰ বাবে বিদ্যালয়খনৰ বিভিন্ন সামগ্ৰী বিক্ৰী কৰাৰো বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে অভিযোগ কৰে প্ৰধান শিক্ষক বিষ্ণু দত্তৰ বিৰুদ্ধে ৷

মাতাল শিক্ষকৰ বাবে অনিশ্চয়তাত শিক্ষাৰ্থীৰ ভৱিষ্যত

বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু প্ৰাক্তন বিধায়ক নৰেন সোনোৱালক কেইবাবাৰো লিখিত অভিযোগ দিছিল যদিও শিক্ষক গৰাকীৰ ক্ষেত্ৰত কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰ পৰিপেক্ষিতত গাঁৱত ৰাইজে ৰাজহুৱা সভা আহ্বান কৰি সভাৰ সিদ্ধান্ত মৰ্মে প্ৰধান শিক্ষক গৰাকীক অনিৰ্দিষ্ট কাললৈ বিদ্যালয়ত প্ৰৱেশ বন্ধ কৰি দিয়ে ।

যি সময়ত ৰাজ্য চৰকাৰে শিক্ষা বিভাগটোৰ সংস্কাৰৰ কাৰণে অহৰহ চেষ্টা চলাই আহিছে, সেই সময়তে শিক্ষকৰ এনে কৰ্মকাণ্ডই চিন্তিত কৰি তুলিছে শিক্ষিত সমাজক । এই লৈ বিভাগটোৰ দ্বাৰা এক নিৰপেক্ষ তদন্তও বিচাৰিছে স্থানীয় লোকে ৷ কিন্তু সমগ্ৰ ঘটনাক অস্বীকাৰ কৰিছে প্ৰধান শিক্ষক বিষ্ণু দত্তই।

লগতে পঢ়ক:Tribute to actor Biju Phukan : অভিনেতা বিজু ফুকনক মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details