অসম

assam

ETV Bharat / state

নিষিদ্ধ ড্ৰাগছ সহ ডিব্ৰুগড় আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী

ডিব্ৰুগড়ৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এটা দলে গোপন সূত্ৰৰ পম খেদি চেপন দিৰৈঘাটৰ পৰা তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে লোক কেইজনক । জাভেড ৰহমান, দুলাল মেছ আৰু গণেশ বৰ্মা নামৰ তিনিওকে 25 গ্ৰাম ব্ৰাউন ছুগাৰৰ দুটা পেকেট আৰু দুখন দুচকীয়া বাহন সহ গ্ৰেপ্তাৰ কৰে ।

By

Published : Oct 18, 2020, 10:29 PM IST

drugs smuggler arrested at dibrugarh
drugs smuggler arrested at dibrugarh

ডিব্ৰুগড়, 18 অক্টোবৰ : নিষিদ্ধ ব্ৰাউন ছুগাৰ সহ ডিব্ৰুগড় আৰক্ষীৰ জালত তিনিজন । ডিব্ৰুগড়ৰ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এটা দলে গোপন সূত্ৰৰ পম খেদি চেপন দিৰৈঘাটৰ পৰা তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে লোক কেইজনক । জাভেড ৰহমান, দুলাল মেছ আৰু গণেশ বৰ্মা নামৰ তিনিওকে 25 গ্ৰাম ব্ৰাউন ছুগাৰৰ দুটা পেকেট আৰু দুখন দুচকীয়া বাহন সহ গ্ৰেপ্তাৰ কৰে । লগতে ভালেমান সামগ্ৰী জব্দ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে । জব্দ কৰা বাহন দুখন ক্ৰমে AS 04N7 120 নম্বৰৰ এখন স্কুটি আৰু AS 04 S 1769 নম্বৰৰ এখন বুলেট ৷

নিষিদ্ধ ড্ৰাগছ সহ ডিব্ৰুগড় আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী

উল্লেখ্য যে, বৰ্তমান সময়ত অসমৰ ভিন্ন ঠাইত ড্ৰাগছৰ অবাধ বেহা চলি থকাৰ ঘটনা পোহৰলৈ আহিছে ৷ আৰক্ষী প্ৰশাসনে ইয়াক নিৰ্মূলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সম্পূৰ্ণ সফলতা আৰ্জিব পৰা নাই ৷ আৰক্ষীৰ চকুত ধূলি দি একাংশই এতিয়াও এই মাৰাত্মক বেহা অব্যহত ৰাখিছে আৰু যাৰ গ্ৰহসত পৰি অধোগামী হৈছে যুৱ প্ৰজন্ম ৷

লগতে পঢ়ক :ৰাজ্যত থাকিব সংস্কৃতটোল আৰু মাদ্ৰাছা : দিপাংক নাথ

ABOUT THE AUTHOR

...view details