অসম

assam

ETV Bharat / state

ড্ৰাগছৰ কৱলৰ পৰা ওলাই আহি নিজা প্ৰচেষ্টাত দুই যুৱকৰ উদ্যোগত rehabilitation centre - ড্ৰাগছৰ আসক্তি

সমাজৰ পৰা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি থকা আসক্তি আঁতৰাই এখন নিচামুক্ত সমাজ গঢ় দিবলৈ হ'লে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সজাগতা বৃদ্ধিৰ আৱশ্যকতা আহি পৰিছে । এনে এক উদ্দেশ্যে আগত ৰাখি মঙলবাৰে টিংখাঙত ড্ৰাগছৰ কৱলৰ পৰা ওলাই আহি নিজা প্ৰচেষ্টাত দুই যুৱকৰ উদ্যোগত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এটা rehabilitation centre ৷

rehabilitation centre
ড্ৰাগছ আসক্ত যুৱক সকলৰ বাবে টিংখাঙত মুকলি হ'ল rehabilitation centre

By

Published : Oct 19, 2021, 6:46 PM IST

টিংখাং, 19 অক্টোবৰ :ৰাজ্যত নৱ-প্ৰজন্মৰ মাজত ড্ৰাগছ, ভাং আদি বিভিন্ন নিচাযুক্ত দ্ৰব্যৰ আসক্তিৰ হাৰ ভয়ংকৰ ভাৱে বৃদ্ধি পাবলৈ ধৰিছে । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ড্ৰাগছ তথা অন্যান্য নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ তথা অবৈধ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছৰ চোৰাং সৰবৰাহ । যাৰ ফলত নৱ-প্ৰজন্মৰ একাংশ ক্ৰমাৎ ধ্বংসৰ দিশলৈ গতি কৰিছে ।

এনে ক্ষেত্ৰত সমাজৰ পৰা নিচাযুক্ত দ্ৰব্যৰ প্ৰতি থকা আসক্তি আঁতৰাই এখন নিচামুক্ত সমাজ গঢ় দিবলৈ হ'লে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সজাগতা বৃদ্ধিৰ আৱশ্যকতা আহি পৰিছে । এনে এক উদ্দেশ্যে আগত ৰাখি মঙলবাৰে টিংখাঙত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এটা rehabilitation centre ৷ লক্ষ্যদ্বীপ সোণোৱাল আৰু অভিজিত বৰগোহাঁই নামৰ দুজন যুৱকৰ নেতৃত্বত টিংখাঙৰ বাইলুংভেটিত গঢ়ি তোলা হৈছে এই rehabilitation centre টো ।

ড্ৰাগছ আসক্ত যুৱক সকলৰ বাবে টিংখাঙত মুকলি হ'ল rehabilitation centre

লগতে পঢ়ক:ভাওনা সংস্কৃতিক বিকৃত ৰূপত উপস্থাপনক লৈ প্ৰতিক্ৰিয়া সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীৰ

উল্লেখ্য যে, এটা সময়ত ড্ৰাগছৰ আসক্তিত পৰি জীৱনৰ কেইবাটাও মূল্যবান বছৰ নষ্ট হৈছিল এই দুই যুৱকৰ । পাচত rehabilitation centreৰ আশ্ৰয়ত দুয়োৱে নিজকে ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ কৰে । নিজে ড্ৰাগছৰ পৰা মুক্ত হোৱাৰ পাছতে এই দুয়োজন যুৱকে অন্যান্য ড্ৰাগছ আসক্ত লোকসকলক উদ্ধাৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

rehabilitation centre টোৰ মুকলি অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী তথা কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতা গনেশ গগৈয়ে । অনুষ্ঠানত বিশিষ্ট শিক্ষক বিশ্ব লংপটিয়া , টিংখাং আঞ্চলিক ছাত্ৰ সন্থাৰ ভগিৰথ চা‌ংমাইকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:বৰাকত অসমীয়া ভাষাক অপমান কৰাক লৈ প্ৰতিক্ৰিয়া তিনিচুকীয়াত আটাছুৰ

ABOUT THE AUTHOR

...view details