মৰাণ, 22 জুলাই : ৰাজ্য চৰকাৰে খহনীয়া (River Bank Erosion) প্ৰতিৰোধৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰাৰ সময়তে ডিব্ৰুগড় জিলাত বুঢ়ীদিহিং নদীয়ে ঠায়ে ঠায়ে ব্যাপক খহনীয়াৰ সৃষ্টি কৰিছে । প্ৰতিবছৰে হৈ থকা খহনীয়াত ইতিমধ্যে বুঢ়ীদিহিং নদীৰ দুই পাৰৰ বহু ৰাইজে ঘৰ, ভেঁটি, মাটি হেৰুৱাবলগাত পৰিছে । ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে সকলো ব্যৱস্থা কৰা হ'ব বুলি ঢাক-ঢোল বজাই আহিছে যদিও ডিব্ৰুগড়ত তেনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ এই সম্পৰ্কত Etv bharat ত ধাৰাবাহিকভাৱে প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল ।
Etv bharat ত ধাৰাবাহিকভাৱে প্ৰতিবেদন প্ৰকাশৰ পাছতেই বুধবাৰে ডিব্ৰুগড় জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা শাখাৰ অতিৰিক্ত উপায়ুক্ত (Additional Deputy Commissioner) আনচুলা বসুমতাৰীৰ নেতৃত্বত জলসম্পদ বিভাগ (Water Resources Department)ৰ এটা দলে নাহৰকটীয়া সমষ্টি আৰু টিংখাং সমষ্টিৰ অন্তৰ্গত খহনীয়া অঞ্চল পৰিদৰ্শন কৰে । উক্ত দলটোৱে টিংখাং সমষ্টিৰ কলাখোৱা দেউৰী গাঁও, চৰাইহাবি গাঁও, চেঁচা নেপালী গাঁও আৰু নাহৰকটীয়া সমষ্টিৰ আমগুৰি নেপালী গাঁও, উৰিয়ামগুৰি গাঁও, কলাগড় গাঁৱৰ অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে জলসম্পদ বিভাগ (Water Resources Department)ৰ কৰ্তৃপক্ষক এই অঞ্চলত খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰি সমস্যাৰ বুজ লৈ শীঘ্ৰে খহনীয়া (River Bank Erosion)প্ৰতিৰোধৰ বাবে ৰাইজক আশ্বাস প্ৰদান কৰে ।