ডিব্ৰুগড়, 18 নৱেম্বৰ : অসমীয়া সংস্কৃতি(Assamese Culture)ৰ অবিচ্ছেদ্য অংগ অসমৰ নাট্য পৰম্পৰাৰ হ’ব বৈজ্ঞানিক সংৰক্ষণ(Scientific Reserve) । নাট্যচৰ্চাৰ অতীত আৰু সমসাময়িক ধাৰাৰ সকলো ধৰণৰ তথ্য সংগ্ৰহ কৰি শৃংখলাবদ্ধভাৱে সুৰক্ষিত কৰি ৰখাৰ লগতে চিত্ৰ আকৰ্ষক সংৰক্ষণাগাৰ এটি গঢ় দিয়াৰ প্ৰয়াসেৰে অসমত হ’ব নাটঃ অসমৰ নাট্যকলা সংৰক্ষণ প্ৰকল্প ।
প্ৰাক শংকৰী যুগৰ লোক নাট্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অতুলনীয় উদ্ভাৱনী নাট্যচিন্তা আৰু পৰৱৰ্তী সময়ৰ সুদীর্ঘ নাট্যচৰ্চাৰ আপুৰুগীয়া সম্পদৰাজী বৰ্তমানেও সিঁচৰিত হৈ আছে, যাৰ পুনৰুদ্ধাৰৰ প্ৰয়োজন অনুভৱ কৰি এই নাট্যকলা সংৰক্ষণাগাৰ প্ৰকল্প হাতত লৈছে ৰাজ্য চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ(Sankardev Kalakhetra) সমিতিয়ে ৷ ইতিমধ্যে উজনীৰ নাট্য চর্চা তথা পৰম্পৰাৰ ভেটিস্বৰূপ ডিব্ৰুগড়ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব আৰু বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হৈছে তথ্য সংগ্ৰহ বিষয়ক এক গুৰুত্বপূর্ণ আলোচনা ।
কলাক্ষেত্ৰত অসমৰ নাট্যকলাৰ হ’ব বৈজ্ঞানিক সংৰক্ষণ শতবর্ষ গৰকা ডিব্ৰুগড় আৰ্ট প্লেয়াৰ্ছ ছ’চাইটি(আমোলাপট্টী নাট্য মন্দিৰ) আৰু ডিব্ৰুগড়ৰ আন এক ভাৰত খ্যাত নাট্য অনুষ্ঠান আখৰাগৃহৰ সহযোগত বৰেণ্য নাট্যকাৰ, পৰিচালক, অভিনেত্ৰী আৰু নাট্য চৰ্চাৰ বিভিন্ন দিশত জড়িত ব্যক্তিৰ উপস্থিতিত এই তথ্য সংগ্ৰহ বিষয়ক আলোচনাত মিলিত হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ছ’চাইটি(Srimanta Sarnkardev Kalakhetra Society)য়ে ।
এই আলোচনাত উপস্থিত থকা বিভিন্নজনে নাট্য সম্পর্কীয় বিভিন্ন বিষয়ত পৰামৰ্শ, লুপ্ত হৈ থকা নাটকৰ ঐতিহাসিক সমল সম্পৰ্কে অৱগত কৰে । প্ৰকল্পৰ পৰিকল্পনাত আগবঢ়াৰ যথেষ্ট সহায়ক হিচাপে বিবেচিত হৈছে ডিব্ৰুগড়ৰ নাট্য মন্দিৰত অনুষ্ঠিত এই আলোচনা ।
বুধবাৰে সন্ধিয়াৰ ভাগত অনুষ্ঠিত হোৱা এই আলোচনাত ভাগ লয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, যশস্বী নাট্যকাৰ, পৰিচালক মুনীন শৰ্মা, ডিব্ৰুগড়ৰ সন্তান ভাৰত খ্যাত নাট্যকাৰ অসীম শৰ্মা, অভিনেত্ৰী ৰঞ্জনা বৰদলৈ, দুৰ্গা বৰঠাকুৰ আৰু সাংবাদিক তথা লেখক ভূষণ জ্যোতি সন্দিকৈ ৷
উল্লেখ্য যে, শংকৰদেৱ কলাক্ষেত্ৰৰ সাহিত্য আৰু সংগীত নাটক ভৱনত প্ৰাৰম্ভিকভাৱে আৰম্ভ কৰা হৈছে নাট্য প্ৰকল্পৰ কাম-কাজ । এই প্ৰকল্পৰ জৰিয়তে তথ্য সংগ্ৰহৰ পাচতে বৈজ্ঞানিক প্ৰযুক্তি-পদ্ধতিৰে অমূল্য নথি-পত্ৰসমূহ সংৰক্ষণ কৰি এক সৰ্বাংগ সুন্দৰ আৰ্কাইভৰূপে গঢ় দিয়াৰ লক্ষ্য কৰা হৈছে । এই সংৰক্ষণ প্ৰকল্প আগবঢ়াই নিবলৈ তিনিটা পৰ্যায়ত তথ্য সংগ্ৰহ কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে ।
প্ৰথম পৰ্যায়ত পৰম্পৰাগতভাৱে থাকিব ক্ৰমে- অসমৰ ধ্ৰুপদী নাট্য পৰম্পৰা (শংকৰদেৱ আৰু মাধৱদেৱৰ নাট), অসমৰ বৈষ্ণৱীয় নাট্য পৰম্পৰা (শংকৰদেৱ আৰু মাধৱদেৱৰ পৰৱৰ্তী সময়ৰ সংস্কৃতি, ব্ৰজাৱলী আৰু মাতৃভাষাত লিখা নাট সমূহ) । দ্বিতীয় পৰ্যায়ত থাকিব ঊনবিংশ শতিকাৰ শেষৰ পৰা বৰ্তমানলৈকে চলি থকা নাট্যচৰ্চা ক্ৰমে- অসমৰ লোকনাট্য(প্ৰাক শংকৰী), অনাতাৰ নাট, মুকাভিনয় আৰু তৃতীয় পৰ্যায়ত যাত্ৰা নাটক আৰু ভ্ৰাম্যমাণ নাট থাকিব ।
এই নাটসমূহৰ তথ্য আৰ্কাইভ, আলোকচিত্ৰ আৰ্কাইভ, দৃশ্য-শ্ৰাব্য আৰ্কাইভ(Archive), ডিজাইন, স্কেচ আৰু চিত্ৰ আৰ্কাইভ, সাজসজ্জা/অলংকাৰ /সামগ্ৰী আৰ্কাইভ আদি ব্যৱস্থাৰে নাটঃ অসমৰ নাট্যকলা সংৰক্ষণাগাৰৰ বাবে তথ্য সংগ্ৰহৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে ৷
লগতে পঢ়ক :Negligence of Advocate : 23 মাহৰ অন্তত মুক্ত আকাশৰ তলত শ্বহিদুল