ডিব্ৰুগড়, 25 মে’ :ডিব্ৰুগড়ত ‘‘অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ চৰ্চাত বাঙালী’’ উন্মোচন কৰি কৰিলে শিক্ষাবিদ তথা মিতভাষৰ স্ৰষ্টা ড॰ নগেন শইকীয়াই (Dr Nagen Saikia inaugurated a book)। বুধবাৰে বিয়লি ডিব্ৰুগড়ত বিশিষ্ট গৱেষিকা তথা ডুমডুমা কলেজৰ বাংলা বিভাগৰ মুৰব্বী অধ্যাপক ড॰ মন্দিৰা দাসৰ গ্ৰন্থ ‘‘অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ চৰ্চাত বাঙালী’’ শীৰ্ষক দুশ পৃষ্ঠাৰ গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ।
সাহিত্যিকগৰাকীৰ বাসগৃহ ‘আশ্ৰয়’ তথা বৰ্ণমালাৰ সম্প্ৰসাৰিত গ্ৰন্থাগাৰৰ প্ৰেক্ষাগৃহত সাৰস্বত ন্যাস পৰিষদৰ দ্বাৰা আয়োজিত গাম্ভীৰ্যপূৰ্ণ উন্মোচনী অনুষ্ঠানত ভাষণ দি তেওঁ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ প্ৰথিতযশা সাহিত্যিক, শিক্ষাবিদ তথা মিতভাষৰ স্ৰষ্টা ড॰ শইকীয়াই ভাষণ প্ৰসংগত কয় ‘‘ অসম সম্পৰ্কে বা বেজবৰুৱাৰ সম্পৰ্কে যদিহে কোনোবাই খৰছি মাৰি অধ্যয়ন কৰিছে সেয়া হৈছে গৱেষক ড॰ মন্দিৰা দাস’’ (Nagen Saikia inaugurated book) ৷
তেওঁ আৰু কয়, ‘‘ ড॰ মন্দিৰা দাসৰ পৰা গৱেষকসকলে বহুখিনি শিকিবলগা আছে ৷ কোনেও নকৰা এটা ভাল কাম সম্পাদন হ’ল । এই গৱেষণা গ্ৰন্থখনিয়ে অসমীয়া-বাঙালীৰ মাজত সমন্বয়ৰ সেঁতু গঢ়ি ভুল বুজাবুজি আঁতৰ কৰাত সহায় কৰিব’’ ৷