ডিব্ৰুগড়,21 ফেব্ৰুৱাৰী: ঘোষণা হ’ল নৱ গঠিত সতী সাধিনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নাম ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ জ্যোতিপ্ৰসাদ শইকীয়াক বিশ্ববিদ্যালয়খনৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে ৷ ইয়াৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা কেন্দ্ৰৰ সঞ্চালক হিচাপে নিয়োজিত আছিল ড৹ শইকীয়া ৷
সতী সাধিনী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ড৹ জ্যোতিপ্ৰসাদ শইকীয়া - সতী সাধিনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ জ্যোতিপ্ৰসাদ শইকীয়াক গোলাঘাটস্থিত সতী সাধিনী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷

সতী সাধিনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্ত ড৹ জ্যোতি প্ৰসাদ শইকীয়া
বিগত বৰ্ষত বিধানসভাৰ মজিয়াত এই বিশ্ববিদ্যালয়খন স্থাপন সন্দৰ্ভত বিধেয়ক উত্থাপন কৰিছিল ৷ সদনত বিধেয়কখন উত্থাপন কৰি শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা ৰাষ্ট্ৰীয় শিক্ষা নীতি ঘোষণাৰ পাছত ৰাজ্যখনত এইখনেই হ’ব প্ৰথম বিশ্ববিদ্যালয় হ’ব বুলি ঘোষণা কৰিছিল ৷ এই নতুন ৰাজ্যিক বিশ্ববিদ্যালয়খনত অন্তর্ভুক্ত হ’ব বহুমুখী পাঠ্যক্ৰম ৷
লগতে পঢ়ক-মাতৃভাষা দিৱসৰ ইতিহাস আৰু তাৎপৰ্য