অসম

assam

By

Published : Jun 1, 2021, 8:58 PM IST

ETV Bharat / state

দুবছৰে সম্পূৰ্ণ নহ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ

প্ৰধানমন্ত্ৰীৰ সপোনক আংগুষ্ঠ প্ৰদৰ্শন পঞ্চায়ত প্ৰতিনিধিৰ ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু স্বচ্চ ভাৰত মিছনৰ অনাময় আঁচনিৰ আৱন্টিত সকলো ধন পঞ্চায়তৰ সভানেত্ৰী আৰু সদস্যই মিলি আত্মসাৎ কৰাৰ অভিযোগ ৷

Doesn't work on PMAY scheme at Rupjyoti Gaon Panchayat
দুবছৰে সম্পূৰ্ণ নহ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ

মৰাণ, 1 জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো দৰিদ্ৰ লোককে একোটাকৈ পঁকী ঘৰ দিয়াৰ যি অভিলাষী আঁচনি গ্ৰহণ কৰিছিল, সেই আঁচনিখন এতিয়া অসমত ধোঁৱাচাঙত উঠিছে । মৰাণৰ সমীপৰ ডিমৌ একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে এতিয়া প্ৰধানমন্ত্ৰীৰ সপোনক ভৰিৰে মোহাৰিছে ।

ৰূপজ্যোতি গাঁও পঞ্চায়তৰ দৰিদ্ৰ লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৱন্টিত হোৱা প্ৰধানমন্ত্ৰী আৱাসগৃহৰ উপৰিও স্বচ্চ ভাৰত মিছনৰ (sawach bharat mission) অনাময় আঁচনিৰ শৌচালয়ৰ বাবে আবন্টিত ধন উদৰস্থ কৰিছে খুদ পঞ্চায়তৰ শাসক দলৰ সভানেত্ৰী হীৰা পাণ্ডৱ আৰু ৱাৰ্ড সদস্য নিৰ্মল চাচনিয়ে এই অভিযোগ ভুক্তভোগী হিতাধিকাৰীসকলৰ ।

দুবছৰে সম্পূৰ্ণ নহ'ল প্ৰধানমন্ত্ৰী আবাস যোজনাৰ বাসগৃহ

ৰূপজ্যোতি গাঁও পঞ্চায়তৰ খঙ্গীয়া লাইনৰ মংগো তাঁতী নামৰ দৰিদ্ৰ শ্ৰমিকজনৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আৱন্টিত আৱাসগৃহ আৰু শৌচাগাৰ নিৰ্মাণৰ কাম দুবছৰ অতিক্ৰম কৰাৰ পিছতো সম্পূৰ্ণ নহ'ল । লোকজনৰ নামত আৱন্টিত তিনিটা কিস্তিৰ সকলো ধন পঞ্চায়তৰ সভানেত্ৰী আৰু সদস্যই মিলি আত্মসাৎ কৰাৰ বাবেই দুবছৰে এই ঘৰটো অৰ্ধনিৰ্মিত হৈ ৰ'ল ।

ইফালে ঘৰটোৰ নিৰ্মাণৰ নামত পঞ্চায়ত প্ৰতিনিধিয়ে বেংকৰ পৰা সম্পূৰ্ণ টকা মোকলাই অনাৰ পাছত পাছবুকখন হিতাধিকাৰী মংগো তাঁতীক চমজাই দিয়ে । উল্লেখ্য যে, অৰ্ধনিৰ্মিত ঘৰত এনেদৰে ৰ'দ আৰু বৰষুণৰ মাজত তিতি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে পঞ্চায়তখনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আন বহু হিতাধিকাৰীৰ পৰিয়ালে ।

লগতে পঢ়ক :নিজ গাঁৱক কন্টেইনমেন্ট জ'ন ঘোষণা মৰাণৰ ৰাইজৰ

ABOUT THE AUTHOR

...view details