অসম

assam

ETV Bharat / state

স্বাস্থ্য বিভাগৰ ক’ভিড যোদ্ধাৰ প্ৰতি অমানৱীয় কাণ্ড ! - স্বাস্থ্য বিভাগৰ ক’ভিড

অসম চিকিৎসা মহাবিদ্যালয়ত নিয়োজিত চিকিৎসকৰ তিনি মাহে নাই দৰমহা, হোষ্টেল এৰাৰো নিৰ্দেশ জাননি জাৰি কৰিছে স্বাস্থ্য বিভাগে ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেলৰ পৰা চিকিৎসক ওলাই যোৱাৰ নিৰ্দেশ দিয়াৰ পাছতেই ক্ষোভিত হৈ পৰিছে ক'ভিড যোদ্ধাক সকল ।

doctor's protest at dibrugarah medical college
স্বাস্থ্য বিভাগৰ ক’ভিড যুদ্ধাৰ প্ৰতি অমানৱীয় কাণ্ড !

By

Published : Oct 29, 2020, 9:18 PM IST

ডিব্ৰুগড়,29 অক্টোবৰ : অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিড যোদ্ধাৰ প্ৰতি অমানৱীয় দৃষ্টি । ক'ভিড ৰোগীক দিনে-নিশাই চিকিৎসা সেৱা আগবঢ়াই অহা চিকিৎসকক তিনি মাহ পৰ্যন্ত দৰমহাৰ পৰা বঞ্চিত কৰি ৰখাৰ লগতে অৱশেষত হোষ্টেলৰ পৰা ওলাই যোৱাৰ জাননী জাৰি কৰিছে স্বাস্থ্য বিভাগে ৷

স্বাস্থ্য বিভাগৰ ক’ভিড যুদ্ধাৰ প্ৰতি অমানৱীয় কাণ্ড !

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেলৰ পৰা চিকিৎসক ওলাই যোৱাৰ নিৰ্দেশ দিয়াৰ পাছতেই ক্ষোভিত হৈ পৰিছে ক'ভিড যোদ্ধাকসকল। বিৰ্গত আগষ্ট মাহৰ পৰা প্ৰাপ্য পৰাও বঞ্চিত দিনে-নিশাই ক'ভিড ৰোগীৰ চিকিৎসা সেৱা আগবঢ়াই অহা চিকিৎসক সকল ৷ মুঠ ৬৫ গৰাকী চিকিৎসকৰ ভিতৰত ২৫ গৰাকী মহিলা চিকিৎসকো আছে। যি সকলক বিগত তিনিমাহে দৰমহা নিদিয়াৰ লগতে এতিয়া হোষ্টেলৰ পৰা বাহিৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৷

ৰাজ্যত অত্যাধিক ভাবে বৃদ্ধি পোৱা ক’ৰণা মহামাৰী বাবেই ক’ৰণা ৰোগীৰ চিকিৎসা সহায় হোৱাকৈ PG চিকিৎসক সকলক নিযুক্তি দিছিল । হঠাৎ অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই এইসকল ক'ভিড যোদ্ধাক হোষ্টেলৰ পৰা ওলাই যোৱা বাবে নিৰ্দেশ জাৰি কৰাত উপায়ন্তৰ হৈ পুনৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক পত্ৰযোগে অনুৰোধ জনাইছিল যদিও কোনো গুৰুত্ব আৰোপ নকৰাত কেইবাজনো চিকিৎসকে টুইটাৰ যোগেও ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ।

স্বাস্থ্য বিভাগৰ ক’ভিড যুদ্ধাৰ প্ৰতি অমানৱীয় কাণ্ড !

উল্লেখযোগ্য যে, বেতন বঞ্চিত এই সকল চিকিৎসকৰ সৰহ সংখ্যকেই ক'ভিড ৰোগীৰ চিকিৎসা সেৱা আগবঢ়াই নিজেও আক্ৰান্ত হৈছে ক'ভিডত। সুস্থ হৈ পুনৰ ক'ভিড ৰোগীৰ চিকিৎসা সেৱাত জড়িত হৈ আছে যদিও শেহতীয়াকৈ হোষ্টেলৰ পৰা উলাই যোৱাৰ জাননী জাৰি কৰাত উপায়ন্তৰ হৈ পৰিছে PG চিকিৎসক সকল।

আনহাতে অহা নৱেম্বৰ মাহৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ PG হোষ্টেলত পুনৰ PG নতুন ছাত্ৰ-ছাত্ৰী সকল আহিব লগা হোৱাৰ বাবে চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই উক্ত হোষ্টেল সমূহত থকা চিকিৎসক সকলক হোষ্টেল খালি কৰিবলৈ জাননি জাৰি কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ লক্ষ্মী পূজাৰ উপলক্ষে হোজাই বজাৰত গ্ৰাহকৰ ভিৰ

ABOUT THE AUTHOR

...view details