অসম

assam

ETV Bharat / state

সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সোচ্চাৰ থাওৰাৰ কংগ্ৰেছ নেতৃত্ব - District Secretary of Congress criticized Sushanta Borgohain

বিধায়কৰ পদৰ পৰা পদত্যাগ কৰাৰ পাছতো এছকৰ্ট গাড়ী লৈ চাইৰেণ বজাই সমষ্টিত ঘূৰি ফুৰিছে সুশান্ত বৰগোহাঁইয়ে ৷ এইয়া কেনেকৈ সম্ভৱ বুলি মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কোঁৱৰৰ ৷

district-secretary-of-congress-criticized-sushanta-borgohain
সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সোচ্চাৰ থাওৰাৰ কংগ্ৰেছ নেতৃত্ব

By

Published : Aug 21, 2021, 8:45 PM IST

মৰাণ,21 আগষ্ট: আগন্তুক উপ-নিৰ্বাচনক লৈ শাসক দলৰ সমান্তৰালকৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজতো আৰম্ভ হৈছে তৎপৰতা ৷ থাওৰাৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁইয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাৰ পাছতে সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে থাওৰাৰ কংগ্ৰেছ নেতৃত্ব ৷ শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সদস্য মনোৰঞ্জন কোঁৱৰে সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে বহুকেইটা অভিযোগ কৰি আগবঢ়াইছে বিস্ফোৰক মন্তব্য ৷

শনিবাৰে ডিমৌস্থিত থাওৰা ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি বহুকেইটা বিস্ফোৰক মন্তব্য আগবঢ়াই মনোৰঞ্জন কোঁৱৰে ৷ থাওৰা সমষ্টিত সুশান্ত বৰগোহাঁই বিক্ৰী হ'ব পাৰে, কিন্তু সমষ্টিবাসী ভোটাৰ কেতিয়াও বিক্ৰী নহয় বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ বগা ভাত দেখিলে ক'লা কাউৰি জুম পাতি আহে,পইছা দিলে থাওৰা সমষ্টিৰ ৰাইজে ভোট দিব আৰু জিকিম বুলি কৈ ফুৰা সুশান্ত বৰগোহাঁইক এইবাৰ থাওৰাবাসী ৰাইজে শিক্ষা দিব বুলি মন্তব্য কৰে মনোৰঞ্জন কোঁৱৰে ৷

সুশান্ত বৰগোহাঁইৰ বিৰুদ্ধে সোচ্চাৰ থাওৰাৰ কংগ্ৰেছ নেতৃত্ব

ইফালে সংবাদমেলত উপস্থিত থাকি শিৱসাগৰ জিলা কংগ্ৰেছৰ আইন বিভাগৰ আহ্বায়ক চন্দনজ্যোতি ফুকনে সুশান্ত বৰগোহাঁইয়ে গণতন্ত্ৰক হত্যা কৰি থাওৰা সমষ্টিৰ লগতে সমগ্ৰ অসমত এক অশুভ পৰম্পৰাৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে ৷

লগতে বিধায়কৰ পদৰ পৰা পদত্যাগ কৰাৰ পাছতো থাওৰাৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁইয়ে কিদৰে এছকৰ্ট গাড়ী লৈ চাইৰেণ বজাই সমষ্টিত ঘূৰি ফুৰিছে তাক লৈ অসমৰ গৃহ বিভাগ তথা মুখ্যমন্ত্ৰীক প্ৰশ্নৰ অৱতাৰণা কৰিছে জিলা সাধাৰণ সম্পাদক মনোৰঞ্জন কোঁৱৰে ৷ মনোৰঞ্জন কোঁৱৰে অভিযোগ উত্থাপন কৰা মতে, বিধায়কৰ পদৰ পৰা পদত্যাগ কৰাৰ পাছতো এছকৰ্ট গাড়ী লৈ চাইৰেণ বজাই সমষ্টিত ঘূৰি ফুৰিছে সুশান্ত বৰগোহাঁইয়ে ৷ লগতে এই কাম সংবিধান বিৰোধী বুলি মন্তব্য কৰিছে নেতা গৰাকীয়ে ৷

লগতে পঢ়কঃবিজেপিত উপেক্ষিত নেকি জ্যেষ্ঠ নেতা তথা মুছলমান নেতা ?

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details