অসম

assam

ETV Bharat / state

ক’ভিডৰ টীকাকৰণ সন্দৰ্ভত ডাঃ বিশ্বজিৎ বৰুৱাৰ মন্তব্য - অসম চিকিৎসা মহাবিদ্যালয়

কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰদান কৰিছে ক’ভিডৰ টীকাকৰণ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাত প্ৰদান কৰা হৈছে কৰ’ণাৰ টীকাকৰণ ৷ ডিব্ৰুগড় জিলাত কৰ’ণাৰ টীকাকৰণ প্ৰদানৰ সন্দৰ্ভত সোমবাৰে জিলা টীকাকৰণ বিষয়া ডাঃ বিশ্বজিৎ বৰুৱাই প্ৰদান কৰিছে নিজৰ মন্তব্য ৷

ক’ভিড টীকাকৰণ সন্দৰ্ভত ডা৹ বিশ্বজিৎ বৰুৱা মন্তব্য
ক’ভিড টীকাকৰণ সন্দৰ্ভত ডা৹ বিশ্বজিৎ বৰুৱা মন্তব্য

By

Published : Apr 27, 2021, 12:14 PM IST

ডিব্ৰুগড়,27 এপ্ৰিল: ৰাজ্যত দ্ৰুত সংক্ৰমণ হৈছে মহামাৰী কৰ’ণা ভাইৰাছৰ ৷ কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে প্ৰদান কৰিছে ক’ভিডৰ টীকাকৰণ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাত প্ৰদান কৰা হৈছে কৰ’ণাৰ টীকাকৰণ ৷ ডিব্ৰুগড় জিলাত কৰ’ণাৰ টীকাকৰণ প্ৰদানৰ সন্দৰ্ভত সোমবাৰে জিলা টীকাকৰণ বিষয়া ডাঃ বিশ্বজিৎ বৰুৱাই প্ৰদান কৰিছে মন্তব্য ৷

ডিব্ৰুগড় জিলাত ভেকচিন প্ৰদান কেন্দ্ৰত কেনে ধৰণৰ নীতি-নিয়ম মানি চলা হৈছে, সেই সন্দৰ্ভত মন্তব্য কৰিছে জিলা টীকাকৰণ বিষয়া ডাঃ বিশ্বজিৎ বৰুৱাই ৷ বিষয়া গৰাকীৰ মতে, ভেকচিন প্ৰদানৰ বেলিকা মাস্ক পৰিধান কৰা, এক মিটাৰ সামাজিক দূৰত্ব মানি চলাৰ বাবে প্ৰশাসনে দিয়া সকলো নিদেৰ্শনা টীকাকৰণ প্ৰদান কেন্দ্ৰত বাহাল ৰাখিছে । অনাহাতে, টীকাকৰণ প্ৰদান কেন্দ্ৰত অবাঞ্চিত ভীৰ কৰিব নোৱাৰিব ৰাইজে । ৰাইজে অবাঞ্চিত ভীৰ কৰিলে তেনে কেন্দ্ৰসমূহ প্ৰশাসনে বন্ধ কৰি দিব । আনহাতে, জিলা স্বাস্থ্য বিভাগৰ জিলা টীকাকৰণ বিষয়া গৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক চৰকাৰৰ নিদেৰ্শনাসমূহ পালন কৰি ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

ক’ভিডৰ টীকাকৰণ সন্দৰ্ভত ডাঃ বিশ্বজিৎ বৰুৱাৰ মন্তব্য

জিলা টীকাকৰণ বিষয়া চিকিৎসক ডাঃ বিশ্বজিৎ বৰুৱাই টীকাকৰণ পৰ্যায়ক্ৰমে প্ৰদান কৰি অহাৰ কথা সদৰী কৰাৰ লগতে ৰাইজে এনে সুবিধাৰ পৰা বঞ্চিত হোৱাৰ কোনো আশংকা নাই বুলি মন্তব্য কৰে ৷ তিনি দিনৰ ব্যৱধানত জিলা স্বাস্থ্য বিভাগে টীকাকৰণ প্ৰদান কৰি আহিছে । এগৰাকী এএনএমৰ বিপৰীতে এশ জনক ভেকচিন তথা টীকাকৰণত সামৰি লোৱাৰ কথাও জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ।

ডিব্ৰুগড় জিলাৰ মুঠ তেত্ৰিশখন প্ৰাথমিক কেন্দ্ৰৰ চিকিৎসালয়ত নিয়মিত এই টীকাকৰণ প্ৰদান কৰি অহা হৈছে । চহৰখনৰ আম্বেদকাৰ কেন্দ্ৰৰ আৰক্ষী নিবাস চাউনীত ৰে’ল বিভাগৰ চিকিৎসালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণ আদিত টীকাকৰণ চলি থকাৰ বিষয়ে জানিবলৈ দিয়ে ডাঃ বৰুৱাই ।

লগতে পঢ়ক:চুমিলা ৰংহাংপীৰ হত্যা: হোজাইত উত্তাল প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details