ডিব্ৰুগড়,২৩ অক্টোবৰ:ডিব্ৰুগড় জিলা প্ৰশাসনে তিনিদিনীয়াকৈ আয়োজন কৰিছে জিলা দিৱসৰ(District Day will held in Dibrugarh) । ১৯৭১ চনৰ ২অক্টোবৰত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় জিলাৰ প্ৰতিষ্ঠা বৰ্ষ উপলক্ষে আয়োজন কৰিছে এই জিলা দিৱসৰ । বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আয়োজন কৰা জিলা দিৱসৰ বিস্তৃত কাৰ্যসূচী সন্দৰ্ভত বৃহস্পতিবাৰে উপায়ুক্ত বিশ্বজিত পেগুৱে অনুষ্ঠিত কৰে এখন সংবাদমেলৰ(Press conference of DC Biswajit Pegu) ।
উপায়ুক্ত পেগুৱে সংবাদমেলযোগে জনায় যে, ৩০ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া জিলা দিৱসৰ কাৰ্যসূচী উপলক্ষে ৩০ ছেপ্টেম্বৰত সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচী শুভাৰম্ভ হ'ব(District Day to be held from September 30 to Oct 2) । পুৱা ১০ বজাত বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে প্ৰদৰ্শনী, ডিব্ৰুগড়ৰ বিষয়ত অনুষ্ঠিত হ'ব কুইজ প্ৰতিযোগিতা । ইয়াৰ পিছতে লেখক আৰু কবি সকলৰ মাজত মত বিনিময় আৰু সন্ধিয়া 'তোৰে মোৰে আলোকৰে যাত্ৰা' শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব ।