অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ ২৪ টা বেংক কৰ্তৃপক্ষৰ সৈতে জিলা প্ৰশাসনৰ আলোচনা - ডিব্ৰুগড়ৰ মুঠ 24 টা বেংকৰ প্ৰতিনিধি

ডিব্ৰুগড়ৰ মুঠ 24 টা বেংকৰ প্ৰতিনিধিৰ সৈতে সোমবাৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ডিব্ৰুগড় জিলাৰ জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী ৷ সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷

distric-administration-meeting-with-different-bank-authorities-at-dibrugarh
ডিব্ৰুগড়ৰ ২৪ টা বেংক কৰ্তৃপক্ষৰ সৈতে জিলা প্ৰশাসনৰ আলোচনা

By

Published : Jan 18, 2021, 9:32 PM IST

মৰাণ,18 জানুৱাৰী : ডিব্ৰুগড় জিলাৰ জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগীৰ সভাপতিত্বত সোমবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় জিলাখনৰ বেংকসমূহক লৈ জিলা পৰ্যায়ৰ পৰ্যালোচনা সমিতিৰ সভা ৷ মুঠ 24 টা বেংকৰ প্ৰতিনিধি উপস্থিত থকা সভাত প্ৰথমেই বেংকসমূহৰ চি ডি অনুপাতৰ পৰ্যালোচনা কৰা হয় ৷

ডিব্ৰুগড়ৰ ২৪ টা বেংক কৰ্তৃপক্ষৰ সৈতে জিলা প্ৰশাসনৰ আলোচনা

লগতে বাৰ্ষিক ক্ৰেডিট প্লেনৰ অধীনত বেংক সমূহে কৃষি আৰু আনুসংগিক খণ্ড, এম এছ এম ই, সেৱা খণ্ডত লাভ কৰা সফলতাৰ ওপৰতো আলোচনা কৰা হয় ৷ আনহাতে জিলা খনৰ কৃষক আৰু আত্মসহায়ক গোট সমূহক সহজ ঋণ দিয়া সম্পৰ্কতো আলোচনা কৰে জিলা প্ৰশাসনৰ বিষয়া সকলে ৷

ডিব্ৰুগড়ৰ ২৪ টা বেংক কৰ্তৃপক্ষৰ সৈতে জিলা প্ৰশাসনৰ আলোচনা

লগতে পঢ়কঃঅসম গণ পৰিষদ বিজেপিৰ নেগুৰত পৰিণত হৈছে : মনজিৎ মহন্ত

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details