মৰাণ, ১৪ আগষ্ট: প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰত ধোঁৱাচাঙত উঠিল স্বচ্ছ ভাৰত অভিযান । যানজঁটৰ সমস্যাই প্ৰতি দিনে ৰাইজক হাৰাশাস্তি ভোগাই থকাৰ লগতে এতিয়া লেতেৰা জাবৰেৰে ভৰি পৰিছে চাবুৱা নগৰ । পৌৰসভায়ো এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । স্বচ্ছ ভাৰত অভিযানৰ যেন চিন চাবেই নাই চাবুৱা নগৰত । পেলনীয়া সামগ্ৰীৰে ভৰি পৰিছে নগৰখন ।
এখন স্থায়ী বজাৰ নথকাৰ বাবে এনে কদৰ্যময় পৰিৱেশতে শাক-পাচলি বিক্ৰী কৰিবলগীয়া হৈছে বিক্ৰেতাসকলে । পদপথৰ ওপৰতে শাক-পাচলি বিক্ৰী কৰা বাবে মানুহে অহা-যোৱা কৰাত অসুবিধাৰ সন্মুখীন হয় । আনহাতে, বছৰ বছৰ ধৰি নলাবোৰ পৰিষ্কাৰ নকৰাত এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয় নগৰখনৰ মাজমজিয়াত আৰু ইয়াৰ উপকণ্ঠ অঞ্চল সমূহত ।
চাবুৱাৰ ডি ডি আৰ মহাবিদ্যালয় পথত সৃষ্টি হোৱা যানজঁট আৰু লেতেৰা পৰিৱেশে সৰ্বসাধাৰণ ৰাইজক জীয়াতু ভোগাইছে যদিও নগৰ পৰিচালনা সমিতিয়ে কোনো গুৰুত্ব দিয়া নাই ।