মৰাণ, ২৩ মাৰ্চ :ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ নাহৰণী পঞ্চায়তত মঙলবাৰে সোণোৱাল কছাৰী স্বায়ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দিপুৰঞ্জন মাক্ৰাৰীয়ে মৰাণ সমষ্টিৰ প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । মৰাণ সমষ্টিৰ নাহৰণী পঞ্চায়তত সোণোৱাল কছাৰী ভোটাৰৰ সংখ্যা অধিক হোৱা বাবেই কছাৰী স্বায়ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সমষ্টিটোত প্ৰচাৰ চলাই চক্ৰধৰ গগৈক ভোট দিবলৈ সকলোকে আহ্বান জনায় ।
মৰাণত সোণোৱাল কছাৰী স্বায়ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ নিৰ্বাচনী প্ৰচাৰ
মৰাণ সমষ্টিৰ নাহৰণী পঞ্চায়তত সোণোৱাল কছাৰী ভোটাৰৰ সংখ্যা অধিক হোৱা বাবেই কছাৰী স্বায়ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সমষ্টিটোত প্ৰচাৰ চলাই চক্ৰধৰ গগৈক ভোট দিবলৈ সকলোকে আহ্বান জনায় ।
মৰাণত সোণোৱাল কছাৰী স্বায়ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ নিৰ্বাচনী প্ৰচাৰ
সভাত জনজাতি মৰ্চা অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ৰাহুল দেৱ সোণোৱাল, ডিব্ৰুগড় জিলা জনজাতি মৰ্চাৰ সভাপতি নবীন মিলি, আইটিডিপিৰ ডিব্ৰুগড় জিলা অধ্যক্ষ স্বৰ্ণলতা শইকীয়া, ডিব্ৰুগড় জিলা কাৰ্যবাহী সদস্য কিৰণ হাজৰীকাৰ লগতে বিভিন্ন মণ্ডল, জিলা বিষয়া আৰু পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।
লগতে পঢ়ক :নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ জয় নিশ্চিত: দিলীপ শইকীয়া