ডিব্ৰুগড়, 29 মাৰ্চ: নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ হুবহু প্ৰতিচ্ছবি অংকন কৰা হয়তো আপুনি বহুবাৰ দেখিছে ৷ কিন্তু এইবাৰ আমি আপোনালোকৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছো এগৰাকী বিশেষ যুৱকৰ সৈতে ৷ যিগৰাকী যুৱকে কেৱল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰাই নহয়, ভাৰতৰ বহু জনপ্ৰিয় লোকৰ প্ৰতিচ্ছবি হুবহু অংকন কৰিছে ৷ কিন্তু আপুনি হয়তো ভাবিছে বহু শিল্পীয়ে এনেদৰে প্ৰতিচ্ছবি অংকন কৰে, গতিকে এই যুৱকজন বিশেষ কেনেকৈ হ’ল ? নহয় জানো ? ৰ’ব সকলো কম আজিৰ এই সম্পূৰ্ণ প্ৰতিবেদনত ৷
হয়, এই যুৱকজন এই কাৰণেই বিশেষ কাৰণ, যুৱকজনে হাতেৰে নহয় ভৰিৰে অংকন কৰে প্ৰতিচ্ছবি ৷ কেৱল ভৰিৰে অংকন কৰাই নহয়, ৰছীত ওলমি ভৰিৰে ছবি অংকন কৰে যুৱকজনে ৷ শুনিবলৈ অবিশ্বাস্য যেন লাগিলেও এয়াই সঁচা ৷ এই ব্যতিক্ৰমী প্ৰতিভাৰ বাবেই সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে যুৱকজনে ৷ এনেদৰেই ৰছীত ওলমি ভাৰতৰ বহু প্ৰসিদ্ধ লোকৰ ছবি অংকন কৰিছে যুৱকজনে ৷ এইবাৰ পুনৰ ৰছীত ওলমি ভৰিৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চালৈ আহিছে যুৱকজন (Dipu Bora painted portrait of Zubeen Garg) ৷
ডিব্ৰুগড়ৰ খোৱাঙৰ অসাধাৰণ প্ৰতিভাসম্পন্ন যুৱকজনৰ নাম ডিপু বৰা । খোৱাং চাৰিআলিৰ কুশল চন্দ্ৰ বৰা আৰু অমিয়া বৰাৰ পুত্ৰ ডিপু বৰা । ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে বৰ্তমান কৰ্মৰত ডিপু বৰা । জুবিন গাৰ্গৰ প্ৰতি থকা অগাধ ভালপোৱা প্ৰকাশ কৰিবলৈ শিল্পীগৰাকীয়ে নিজৰ হাত বান্ধি ৰচীৰে ওপৰৰ পৰা ওলমি ভৰিৰে আঁকিলে এখন জুবিন গাৰ্গৰ বৃহৎ প্ৰতিচ্ছবি (Portrait of Zubeen Garg) ।