মৰাণ, 28 নৱেম্বৰ : প্ৰাকৃতিক সম্ভাৱনাক সম্পদলৈ ৰূপান্তৰৰ এক ইতিবাচক পদক্ষেপ টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাৰ । টিংখাঙৰ উদ্যমী যুৱক-যুৱতী সকলকআত্মসংস্থাপন দিয়াৰ উদ্দেশ্যে মন্ত্ৰী বিমল বৰাই নিজা উদ্যোগত গ্ৰহণ কৰা এক অভিলাষী আঁচনি ৷ যাৰ নাম 'দিহিংচাং বহুমুখী প্ৰকল্প’ (Dihingchang project of Tingkhang) । এই প্ৰকল্পৰ বাবে এতিয়া পানীবিলৰ প্ৰত্যেকৰে মুখত মন্ত্ৰী বিমল বৰাৰ গুণ-গান ৷
যুগ যুগ ধৰি পৰিত্যক্ত হৈ পিতনিলৈ পৰিণত হৈছিল দিচাং নদীৰ এৰাসূঁতি ৷ সময় বাগৰিল ৷ দিচাং নদীৰ এৰাসূঁতিবাসীৰ কাষত থিয় হ’ল টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰা ৷ সময়ৰ তাগিদাত টিংখাঙৰ বিধায়কগৰাকীৰ প্ৰচেষ্টাত আৰু একাংশ যুৱকৰ কষ্টৰ ফলত বৰ্তমান দিচাং নদীৰ এৰাসূঁতিত গঢ় লৈ উঠিছে দিহিংচাং বহুমুখী প্ৰকল্প ।
'দিহিংচাং বহুমুখী প্ৰকল্প’ৰ অন্তৰ্গত পানীবিল মৎস্য পালন কেন্দ্ৰ (Panibil Fish Farming Center)ত সংস্থাপন লাভ কৰিছে প্ৰায় ১২০ জন শিক্ষিত নিবনুৱা যুৱকে । ৬ টাকৈ গোটত ভাগ হৈ প্ৰায় ১৫০ বিঘাৰ এই বিশাল জলাশয়ত মৎস্য পালন (Agriculture Fish Farming) কৰি এতিয়া বিভিন্ন প্ৰজাতিৰ মাছ বিক্ৰী কৰিবলৈ সক্ষম হৈছে তেওঁলোকে । এই মৎস্য পালন প্ৰকল্পৰ পৰা যথেষ্ট লাভাম্বিত হৈছে 'দিহিংচাং বহুমুখী প্ৰকল্প’ৰ সৈতে জড়িত থকা যুৱকসকল ৷
মৎস্য পালনৰ লগতে এইবাৰ হাঁহ পালনৰো চিন্তা-চৰ্চা কৰি আছে উদ্যোমী যুৱকসকলে ৷ এই ক্ষেত্ৰত বিধায়ক বিমল বৰাৰ সৈতেও আলোচনাত বহিছে উদ্যোমী যুৱকসকলে ৷ যাতে ইয়াৰ পৰা অধিক লাভাৰ্জন কৰিব পাৰে যুৱকসকলে ৷