অসম

assam

ETV Bharat / state

দুখন দা আৰু দুটা টৰ্চ লাইটেৰে চলিছে এখন বৰ্ষাৰণ্যৰ নিৰাপত্তা - দুখন দা আৰু দুটা টৰ্চ লাইটেৰে চলিছে এখন বৰ্ষাৰণ্যৰ নিৰাপত্তা

২০০৪ চনতে বৰ্ষাৰণ্য হিচাপে স্বীকৃতি লাভ কৰা এই অভয়াৰণ্য খনত আছে ৪০তকৈ অধিক স্তন্যপায়ী জীৱ, ৩০০ প্ৰজাতিৰ পক্ষী, ৩৫ প্ৰজাতিৰ মাছ, ৪০তকৈ অধিক সৰীসৃপ প্ৰজাতি, ৭টা প্ৰজাতিৰ মেকুৰী, ১৩২ টা প্ৰজাতিৰ পখিলা,ভালুক,বন গাহৰি,হলৌ বান্দৰ আৰু ১০৮টা প্ৰজাতিৰ অৰ্কিড ৷ কিন্তু বন্যপ্ৰাণী সমূহক চোৰাং চিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ বন বিভাগে দিছে মাত্ৰ দুখন দা ৷

দুখন দা আৰু দুটা টৰ্চ লাইটেৰে চলিছে এখন বৰ্ষাৰণ্যৰ নিৰাপত্তা

By

Published : Nov 1, 2019, 2:44 PM IST

Updated : Nov 1, 2019, 3:06 PM IST

ডিব্ৰুগড়, 1 নৱেম্বৰঃ দুখন দাৰে চলিছে এটা কাৰ্যালয় ৷ কাৰ্যালয়টোৰ দায়িত্বত আছে এখন গুৰুত্বপূৰ্ণ অভয়াৰণ্য৷ ৮০০ বৰ্গ কিলোমিটাৰ সামৰি থকা এখন বৰ্ষাৰণ্যৰ দায়িত্বত আছে ৫ গৰাকী অসহায় লোক ৷ চৰকাৰে তেওঁলোকক গম্ভীৰ দায়িত্ব চম্ভালিবলৈ দিছে মাত্ৰ দুখন দা আৰু দুটা টৰ্ছ ৷ নাই বিদুৎ সংযোগ। নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৷ ২০০৪ চনতে বৰ্ষাৰণ্য হিচাপে ঘোষণা কৰা ডিব্ৰুগড় জিলাৰ দিহিং পাটকাই বৰ্ষাৰণ্যৰ নিৰাপত্তাৰ দায়িত্বত থকা এইসকল বন বিভাগৰ লোকে মাত্ৰ দুটা টৰ্চ লাইট আৰু দুখন দাৰে চলাই নিছে নিজৰ কৰ্তব্য ৷ অস্ত্ৰ শস্ত্ৰৰ কথা বাদেই দিয়ক তেওঁলোকৰ নিজৰ নিৰাপত্তাৰ বাবেও নাই কোনো ধৰণৰ সা সৰঞ্জাম ৷ গভীৰ অৰণ্যত কেৱল দুখন দা লৈয়ে পহৰাৰ দায়িত্ব পালন কৰে এইসকল বনকৰ্নীয়ে ৷

২০০৪ চনতে বৰ্ষাৰণ্য হিচাপে স্বীকৃতি দিছিল জয়পুৰ বৰ্ষাৰণ্যক

২০০৪ চনতে বৰ্ষাৰণ্য হিচাপে স্বীকৃতি লাভ কৰা এই অভয়াৰণ্য খনত আছে ৪০তকৈ অধিক স্তন্যপায়ী জীৱ, ৩০০ প্ৰজাতিৰ পক্ষী, ৩৫ প্ৰজাতিৰ মাছ, ৪০তকৈ অধিক সৰীসৃপ প্ৰজাতি, ৭টা প্ৰজাতিৰ মেকুৰী, ১৩২ টা প্ৰজাতিৰ পখিলা, ভালুক, বন গাহৰি, হলৌ বান্দৰ আৰু ১০৮টা প্ৰজাতিৰ অৰ্কিড৷ কিন্তু বন্যপ্ৰাণী সমূহক চোৰাংচিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ বন বিভাগে দিছে মাত্ৰ দুখন দা ৷ যি সময়ত চোৰাং চিকাৰীৰৰ হাতত AK-47ৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ আছে সেই সময়ত এইসকল বনকৰ্মীয়ে অতি নিষ্ঠাৰে পুৰণিকলীয়া ব্যৱস্থাৰে নিৰাপত্তা দিব লগা হৈছে অভয়াৰণ্যখনক ৷

দুখন দা আৰু দুটা টৰ্চ লাইটেৰে চলিছে এখন বৰ্ষাৰণ্যৰ নিৰাপত্তা
নাদৰ পানী আৰু দুটা সৌৰ চাকি সম্বল কৰি দিন কটাবলগীয়া হয় কৰ্মচাৰী সকলে। হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিশা কাৰ্যালয়ত হাতীয়ে আক্ৰমণ কৰিলে চিলিঙত থকা এটা ফুটাত সোমাই নিজৰ প্ৰাণ ৰক্ষা কৰিব লাগে কৰ্মচাৰী সকলে। এইয়া হৈছে ৰাজ্যৰ বনবিভাগৰ অৱস্থা ৷ বনকৰ্মীসকলৰ আধুনিকীকৰণৰ নামত কোটি কোটি টকা খৰচ কৰাৰ পিচতো দাৰে চলিছে বনবিভাগ ৷
দিহিং পাটকাই অভয়াৰণ্যৰ এটি দৃশ্য

লগতে চাওকঃ প্ৰতিবাদত বহিল মধ্যাহ্ন ভোজন কৰ্মী : উত্তাল প্ৰতিবাদ

Last Updated : Nov 1, 2019, 3:06 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details