অসম

assam

ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰৰ নাচ নহয় , বৰবিহুৱা ৰূপত প্ৰশান্ত ফুকন

কিছুদিন পূৰ্বে আপুনি নিশ্চয় বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাচ দেখিছিল ৷ পিচে নিৰ্বাচনী প্ৰচাৰ আৰু আনন্দত আত্মহাৰা হিমন্তৰ এই নাচৰ পিচতেই খলকনি সৃষ্টি হৈছিল ৰাজ্যত ৷ পিচে এইবাৰ হিমন্ত নহয় , বৰবিহুৱা ৰূপত এইবাৰ ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকন ৷ গৰু বিহুৰ দিনা গৰুক মাহ-হালধি সানি নোৱাই-ধোৱাই এইদৰেই বিহুত মতলীয়া হোৱা দেখা গ’ল বিধায়কগৰাকীক ৷

By

Published : Apr 14, 2019, 2:29 PM IST

কান্ধত ঢোল লৈ বিধায়ক প্ৰশান্ত সোণোৱাল

ডিব্ৰুগড়,14 এপ্ৰিল : ৰাজ্যবাসী মতলীয়া ৰঙালীৰ ৰঙত ৷ দেওবাৰে সমগ্ৰ ৰাজ্যবাসীয়ে পালন কৰিলে গৰু বিহু ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে ডিব্ৰুগড়টো দেখা গ'ল বিহুৰ উলহ-মালহ পৰিৱেশ ৷ জিলাখনৰ বৰপথাৰ হাতকটা কোঁৱৰ গাঁৱবাসীৰ লগতে বিধায়ক প্ৰশান্ত ফুকনেও পুৱাই গাঁওবাসীৰ সৈতে গৰু-গাইক গা ধোৱালে ৷ জ্যেষ্ঠ বিধায়কগৰাকীয়ে কান্ধত ঢোল লৈ মুখত বিহু গীত গাই পৰম্পৰা ৰক্ষা কৰি খেলিলে কণী যুঁজ ৷

কান্ধত ঢোল লৈ বিধায়ক প্ৰশান্ত সোণোৱাল

ইফালে , ডিব্ৰুগড়ৰ গাঁৱে গাঁৱে গৰু বিহু উদযাপন । নৈ-বিল,পুখুৰী পাৰত লাও খা,বেঙেনা খা নামেৰে মুখৰিত আকাশ-বতাহ । আজি চ'তৰ সংক্ৰান্তীৰ দিনা অসমীয়াই লোক পৰম্পৰাৰে পালন কৰিছে গৰু বিহু ।ডিব্ৰুগড়ৰ বকুল মাজগাঁৱত সমূহ ৰাইজ একত্ৰিত হৈ পালন কৰে গৰু বিহু । চেঁচা নদীত গৰুক মা-হালধিৰে নোৱাই গা ধোৱাই লাও খা বেঙেনা খা,মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু বুলি আনন্দত আত্মহাৰা গাঁওবাসী ৷

ABOUT THE AUTHOR

...view details