ডিব্ৰুগড়, 4 জানুৱাৰী :ডিব্ৰুগড় জিলাৰ লাহোৱাল অঞ্চলটোৱে জিলাখনৰ ভিতৰতে ক্ৰীড়া ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে । ক্ৰীড়া প্ৰসাৰৰ ক্ষেত্ৰত বহু কেইটা অনুষ্ঠান-প্ৰতিষ্ঠান তথা দল-সংগঠনে অঞ্চলটোৰ যুৱক-যুৱতীৰ মাজত ক্ৰীড়াৰ ক্ষেত্ৰত উৎসাহ যোগোৱাৰ লক্ষ্যৰে গঠনমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে ।
শেহতীয়াকৈ লাহোৱাল যুৱ সংঘৰ উদ্যোগত আৰু সদৌ অসম শ্ৰমিক যুৱক কল্যাণ পৰিষদৰ সহযোগত অনুষ্ঠিত লাহোৱাল ক্ৰীড়া সমাৰোহ দেওবাৰে সফল সমাপ্তি ঘটে । এই সমাৰোহত 50ৰো অধিক দলে বিভিন্ন প্ৰতিযোগিতাত ভাগ লয় । দেওবাৰে সামৰণি অনুষ্ঠানত বিজয়ী দলক এক লাখ টকাৰে পুৰষ্কৃত কৰা হয় ।