অসম

assam

ETV Bharat / state

পেলনীয়া প্লাষ্টিকৰ বটলেৰে নাও প্ৰস্তুত এজন যুৱকৰ

বনভোজ থলীৰ 1600 টা পেলনীয়া প্লাষ্টিকৰ বটলেৰে এখন নাও প্ৰস্তুত ডিব্ৰুগড়ৰ এজন যুৱকৰ ৷ ‘ব্ৰহ্মপুত্ৰৰ মুকুটা’ (Brahmaputra Mukuta) শীৰ্ষক বিশাল নৌকাৰ স্বত্বাধিকাৰী বুমণি গগৈ ওৰফে ধীৰাজ বিকাশ গগৈয়ে ‘প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ’ (Plastic Free Brahmaputra) লক্ষ্যৰে সাজি উলিয়াইছে এই নাওখন ৷

youth-makes-boat-by-waste-plastic
পেলনীয়া প্লাষ্টিকৰ বটলেৰে নাও প্ৰস্তুত

By

Published : Jun 14, 2021, 10:55 PM IST

ডিব্ৰুগড়,14 জুন : বনভোজ থলীত বনভোজ খাই মানুহে পেলাই যোৱা প্লাষ্টিকৰ বটল (Waste Plastic) বিগত ডেৰমাহ ধৰি বুটলিছিল তেওঁ । মুঠ 1600 টা পেলনীয়া প্লাষ্টিকৰ বটলেৰে এখন নাও সাজি উলিয়াইছে এইজন যুৱকে । নাওখন সজাৰ মূল বিষয়বস্তুটো হৈছে ‘প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ’ (Plastic Free Brahmaputra) । প্লাষ্টিকৰ বটলৰ নাও লৈ তেওঁ যাত্ৰা কৰিব নদীদ্বীপ মাজুলীলৈ । এই মহৎ কামৰ আঁৰৰ যুৱকজন হৈছে ডিব্ৰুগড়ৰ বগীবিলত নদী পৰ্যটনৰ সম্ভাৱনা গঢ়ি তোলা ‘ব্ৰহ্মপুত্ৰৰ মুকুটা’ (Brahmaputra Mukuta) শীৰ্ষক বিশাল নৌকাৰ স্বত্বাধিকাৰী বুমণি গগৈ ওৰফে ধীৰাজ বিকাশ গগৈ ।

শেহতীয়াকৈ নৌকা ‘ব্ৰহ্মপুত্ৰৰ মুকুটা’ৰ সৈতে দিনে-নিশাই জড়িত হৈ থকা বুমণি গগৈয়ে সমীপৰে বনভোজ থলী বগীবিলত বনভোজ খাই ৰাইজে পেলাই যোৱা প্লাষ্টিকৰ বটলসমূহ বুটলি সেই বটলেৰে এই নাওখন সাজি উলিয়াইছে ৷ ‘প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ’ গঢ়াৰ এক লক্ষ্যৰে বটলৰ নাও চলাই ব্ৰহ্মপুত্ৰৰ মাজেৰে নদীদ্বীপ মাজুলীলৈ গৈ ৰাইজক এই বাৰ্তা দিয়াৰ প্ৰয়াস কৰাৰ চিন্তা কৰিছে যুৱকজনে । উল্লেখ্য যে, কেৱল ব্ৰহ্মপুত্ৰই নহয় বান অধ্যুষিত এলেকাটো পেলনীয়া প্লাষ্টিকৰ বটলেৰে সজা নাও বানাক্ৰান্তই ব্যৱহাৰ কৰিব পাৰিব বুলি উল্লেখ কৰে গগৈয়ে ।

পেলনীয়া প্লাষ্টিকৰ বটলেৰে নাও প্ৰস্তুত

তেওঁ কয় যে, খালী বটলৰ নাওখনত কেইবাটাও তৰপত বটলসমূহ বিজ্ঞানসন্মতভাৱে লগোৱা হৈছে, যাৰ সহায়ত তলৰ পানী তথা নদীৰ কোৱাল ঢৌৱে নাওখনৰ ওপৰলৈ উঠি আহিব নোৱাৰে । এই 1600 টা বটলৰ লগতে কেইটুকুৰামান বাঁহ আৰু ৰছী নাওখনত ব্যৱহাৰ কৰিছে যুৱকজনে ৷ তেওঁ প্ৰয়োজনত বান বিধ্বস্ত এলেকাৰ স্থানীয় যুৱকক এনেধৰণৰ নাও সজাৰ প্ৰক্ৰিয়াটো জনাবলৈও সাজু বুলি উল্লেখ কৰিছে ।

বুমণি গগৈৰ সৈতে যোগাযোগ কৰি প্লাষ্টিকৰ বটলেৰে বিজ্ঞানসন্মতভাৱে কেনেদৰে নাও সাজি উলিওৱাব পাৰি, তাৰ পৰামৰ্শ লাভ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে উদ্যমী যুৱকজনে । বটলৰ নাওখনে ভৰ বাৰিষাৰ কোৱাল সোঁততো ব্ৰহ্মপুত্ৰৰ বুকুত 6 গৰাকী যাত্ৰী কঢ়িয়াই লৈ যাব পাৰিব ৷

লগতে পঢ়ক :ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত তলাতল ঘৰৰ ন-দুৱাৰ

ABOUT THE AUTHOR

...view details