অসম

assam

ETV Bharat / state

অহা ২৮ মাৰ্চতো ডিব্ৰুগড়ত সুৰাৰ বিক্ৰী নিষিদ্ধ - সুৰাৰ বিক্ৰী নিষিদ্ধ

ডিব্ৰুগড়ত সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞাৰ সময়সীমা বৃদ্ধি । অহা ২৮ মাৰ্চৰ দিনাও জিলাখনত সুৰাৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে । দৌল উৎসৱৰ সময়ত শান্তি-শৃংখলা অটুত ৰখাৰ স্বাৰ্থত ডিব্ৰুগড়ৰ জিলা দণ্ডাধীশে এই নিৰ্দেশনা জাৰি কৰে ।

অহা ২৮ মাৰ্চতো ডিব্ৰুগড়ত সুৰাৰ বিক্ৰী নিষিদ্ধ
অহা ২৮ মাৰ্চতো ডিব্ৰুগড়ত সুৰাৰ বিক্ৰী নিষিদ্ধ

By

Published : Mar 27, 2021, 9:54 PM IST

ডিব্ৰুগড়, ২৭ মাৰ্চ: দৌল উৎসৱ উপলক্ষে শান্তি-শৃংখলাৰ বজাই ৰখাৰ স্বাৰ্থত ডিব্ৰুগড়ৰ জিলা দণ্ডাধীশ পল্লৱ গোপালা ঝাই এক নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনাৰ জৰিয়তে কোৱা হৈছে যে, অহা ২৮ মাৰ্চৰ দিনাও জিলাখনৰ সকলো দেশী-বিদেশী সুৰাৰ বিপণী, হোটেল, বাৰ ইত্যাদিত সুৰাৰ বিক্ৰী কৰিব নোৱাৰিব ।

অহা ২৮ মাৰ্চতো ডিব্ৰুগড়ত সুৰাৰ বিক্ৰী নিষিদ্ধ

আবকাৰী আইন ২০০০ৰ অধীনত জাৰি কৰা এই নিৰ্দেশনা ভংগ কৰা লোকসকলৰ বিৰুদ্ধে এই আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । উল্লেখ্য যে, ইতিমধ্যে ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে যোৱা মাৰ্চৰ সন্ধিয়া পাঁচ বজাৰ পৰা ২৭ মাৰ্চৰ ৫ বজা অথবা ভোট গ্ৰহণ চলি থকা সময়লৈকে ডিব্ৰুগড়ত সুৰাৰ বিক্ৰী নিষিদ্ধ হৈ আছিল ।

লগতে পঢ়ক:অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় 74.28 শতাংশ ভোটদান

ABOUT THE AUTHOR

...view details