ডিব্ৰুগড়, 8 জুলাইঃ "Vistara" বিমানৰ যাত্ৰা হঠাৎ বাতিল কৰাত ডেৰ শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি । বিমান খন ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা ১১-৪৫ বজাতে যাত্ৰা কৰাৰ কথা আছিল যদিও পুৱাৰে পৰা যাত্ৰীসকল ৰৈ থকাৰ পিচতো দুপৰীয়া পৰ্যন্ত উপস্থিত নহ'লহি বিমানখন ৷
ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উত্তপ্ত পৰিস্থিতি - etv assam
সোমবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ ৷ ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা ১১-৪৫ বজাতে বাগডোগ্ৰা হৈ নতুন দিল্লীলৈ যাত্ৰা কৰিবলগীয়া "Vistara" বিমানৰ যাত্ৰা বাতিল কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

যাৰবাবে অৱশেষত আবেলিলৈ Vistara কৰ্ত্তৃপক্ষই যাত্ৰা বাতিল কৰাত অপেক্ষাৰত যাত্ৰীসকলৰ মাজত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় বিমানবন্দৰত । ইয়াৰ পিচতে যাত্ৰীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷ উল্লেখ্য যে প্ৰায় ডেৰশতাধিক যাত্ৰী ৰৈ আছিল বিমানখনত যাত্ৰা কৰিবৰ বাবে ৷
ইফালে যান্ত্ৰিক বিজুতিৰ বাবেই বাগডোগ্ৰাৰ পৰা বিমান খন ডিব্ৰুগড় অভিমুখে আহিব নোৱাৰিলে বুলি জানিব পৰা গৈছে ৷ লক্ষণীয় বিষয় এয়ে যে যাত্ৰী সকলৰ মাজত কেইবাগৰাকীও ৰোগীও আছিল । পুৱাৰে পৰা যাত্ৰাৰ বাবে অধীৰ অপেক্ষাত ৰৈ থকা যাত্ৰী সকলক Vistara কৰ্তৃপক্ষই কোনো সুদুত্তৰ দিয়াৰ পৰা বিৰত থাকে। যাৰবাবে যাত্ৰীসকল নিজ নিজ গন্তব্যস্থানলৈ যাত্রা কৰিব নোৱাৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷