অসম

assam

ETV Bharat / state

ক'ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ বাবে তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন

ৰাজ্যত ক'ভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ বাবে স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰাৰ লগে লগে ডিব্ৰুগড় জিলা প্ৰশাসনো তৎপৰ হৈ পৰিছে । ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ তৎপৰতাত ক'ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ বাবে অনুশীলন কাৰ্যসূচীৰ আয়োজন ।

By

Published : Jan 8, 2021, 3:10 PM IST

ক'ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ বাবে তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন
ক'ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ বাবে তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন

ডিব্ৰুগড় , ৮ জানুৱাৰী :দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমটো চলিছে ক'ভিড-১৯ ৰ প্ৰতিষেধকৰ প্ৰদানৰ অনুশীলন অভিযান । ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্য়োগটো শুকুৰবাৰে লোৱা হয় টীকাকৰণৰ অনুশীলন অভিযানৰ এক বিশেষ কাৰ্যসূচী । ক'ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ বাবে হাতত লোৱা প্ৰস্তুতিৰ অংশস্বৰূপে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল,আদিত্য ডায়েগনষ্টিকছ এণ্ড হাস্পতাল আৰু বৰবৰুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰতিষেধক প্ৰদানৰ এক অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকাই প্ৰথমেই ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আদিত্য ডায়গনষ্টিকছ এণ্ড হাস্পতালত উপস্থিত হৈ তাত স্বাস্থ্য কৰ্মীসকলকলৈ আয়োজিত অনুশীলনৰ প্ৰক্ৰিয়াসমূহ পৰ্যৱেক্ষণ কৰে ৷

অনুশীলনৰ প্ৰক্ৰিয়াসমূহ পৰ্যৱেক্ষণ কৰে উপায়ুক্তই

উল্লেখ্য যে অনুশীলন কাৰ্যসূচীৰ অধীনত তিনিওখন চিকিৎসালয়তে হিতাধিকাৰী হিচাপে ২৫ জনকৈ চিকিৎসক, স্বাস্থ্যকৰ্মীসকলে অংশগ্ৰহণ কৰে ৷ এই অনুশীলনৰ অধীনত হিতাধিকাৰীৰ তথ্য পৰীক্ষা,ভেৰিফিকেশ্যন আৰু টীকাকৰণ,ছফটৱেৰত তথ্য আপলোড,হিতাধিকাৰীৰ স্বাস্থ্য নিৰীক্ষণ আদি প্ৰক্ৰিয়াৰ অনুশীলন কৰা হয় ৷

লগতে পঢ়ক :উত্তৰ-পূৱত সংযোজন হ’ব নেকি যুঁজাৰু বিমান ৰাফেল?

ABOUT THE AUTHOR

...view details