অসম

assam

ETV Bharat / state

ডিব্ৰগড় বিশ্ববিদ্যালয়ত শাৰী শাৰী মমৰ পোহৰত নীলা খামৰ চিঠি.... - ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত নীলা খামৰ চিঠি

শাৰী শাৰী মমৰ পোহৰত নীলা খামৰ চিঠিৰ জৰিয়তে প্ৰতিজন ছাত্ৰ প্ৰেমিকে নিজ নিজ অনুভৱসমূহ ব্যক্ত কৰাৰ চেষ্টা কৰে ৷ প্ৰিয়জনৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ নিজ নিজ অনুভূতিবোৰ কোনে কিদৰে চিঠিৰ জৰিয়তে ব্যক্ত কৰিব পাৰে সেই প্ৰতিযোগিতাত ব্যস্ত হৈ পৰে ছাত্ৰাবাসটোৰ প্ৰতিজন ৷

মমৰ পোহৰত নীলা খামৰ চিঠি....
মমৰ পোহৰত নীলা খামৰ চিঠি....

By

Published : Feb 15, 2020, 9:08 AM IST

ডিব্ৰুগড়,15 ফেব্ৰুৱাৰীঃ প্ৰেম এক স্বৰ্গীয় অনুভূতি..সেয়ে পাশ্চাত্যৰ পৰা অহা হ'লেও "ভেলেন্টাইন ডে" এই দিনটোক প্ৰেমৰ দিন হিচাপে উদযাপন কৰি আহিছে লাখ লাখ লোকে । 14 ফ্ৰেব্ৰুৱাৰী, এই বিশেষ দিনটোত কিছু পৃথক ৰং সানিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীয়ে বাছি লয় এক অন্য পথ ৷ যৌৱনৰ দুৱাৰদলি স্বৰূপ নাহৰৰ দেশ অৰ্থাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰতিটো ভেলেন্টাইনছ ডে'ত এই বিশেষ পৰিবেশ দেখা পোৱা যায়।

মমৰ পোহৰত নীলা খামৰ চিঠি....

বিশ্ববিদ্যালয়খনৰ "মফিজউদ্দিন হাজৰিকা(মফি)" ছাত্ৰাবাসৰ বিশেষকৈ ফেৰ্মাচিটিকেলচ চাইঞ্চ বিভাগৰ শিক্ষাৰ্থীসকলে নীলা খামৰ চিঠিৰে এই বিশেষ দিনটো উদযাপন কৰে ৷ প্ৰিয়জনৰ হৃদয় স্পৰ্শ কৰিব পৰাকৈ নিজ নিজ অনুভূতিবোৰ কোনে কিদৰে চিঠিৰ জৰিয়তে ব্যক্ত কৰিব পাৰে সেই প্ৰতিযোগিতাত ব্যস্ত হৈ পৰে ছাত্ৰাবাসটোৰ প্ৰতিজন ৷ আৰু আটাইকেইখন চিঠিৰ মাজৰ পৰা বিছাৰি উলিওৱা হয় শ্ৰেষ্ঠ চিঠিখন ৷

লগতে পঢ়কঃ সিদ্ধান্ত সলনি জুবিনৰঃ ফিল্মফেয়াৰত অংশ ল'ব শিল্পীগৰাকীয়ে

শাৰী শাৰী মমৰ পোহৰত নীলা খামৰ চিঠিৰ জৰিয়তে প্ৰতিজন ছাত্ৰ প্ৰেমিকে নিজ নিজ অনুভৱসমূহ ব্যক্ত কৰাৰ চেষ্টা কৰে ৷ জেষ্ঠ সকলে থৈ যোৱা বহু বছৰীয়া ধাৰা অব্যাহত ৰাখি প্ৰেমৰ দিনটোৰ ব্যতিক্ৰমী উদযাপন এইবাৰো এইদৰে অব্যাহত ৰাখিলে ছাত্ৰাবাস মফিৰ এইসকল শিক্ষাৰ্থীয়ে।

ABOUT THE AUTHOR

...view details