অসম

assam

ETV Bharat / state

মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে সৰৱ ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা

মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে উঠা নিযুক্তি কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ প্ৰতিক্ৰিয়া ৷ অভিযোগ সন্দৰ্ভত মন্ত্ৰী সঞ্জয় কিষাণক তথ্যভিত্তিক স্পষ্টীকৰণ প্ৰদান কৰিবলৈ আহ্বান ছাত্ৰ একতা সভাৰ ৷

dibrugarh university students union reaction
ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিক্ৰিয়া

By

Published : Jun 10, 2021, 10:37 PM IST

ডিব্ৰুগড়,10 জুন :মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে উঠা নিযুক্তি কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাচতে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে ৷ বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীৰ কেলেংকাৰীৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিমালয় বাৰিক আৰু তৰ্ক আৰু আলোচনা সম্পাদক কৃষ্ণ ছেত্ৰীয়ে । দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন দেখা শাসনাধীন চৰকাৰৰ নেতৃত্বত এনে কাৰ্য ঘটাতো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে সাধাৰক সম্পাদক হিমালয় বাৰিকে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিক্ৰিয়া

লগতে সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, ছাত্ৰ-ছাত্ৰীৰ জলপানি ব্যৱস্থাকে ধৰি বিভিন্ন সময়ত অনিয়ম হোৱাৰ পাচতে এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে । গতিকে শীঘ্ৰেই ইয়াৰ উচিত তদন্ত হ’ব লাগে ৷ অভিযোগ সন্দৰ্ভত মন্ত্ৰী সঞ্জয় কিষাণক তথ্যভিত্তিক স্পষ্টীকৰণ প্ৰদান কৰিবলৈ আহ্বান জনায় ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাই ৷

ইফালে তৰ্ক আৰু আলোচনা সম্পাদকে কয় কৃষ্ণ ছেত্ৰীয়ে কয়, "পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সাধাৰণ ৰাইজে গ্ৰহণ নকৰে, ছাত্ৰ সমাজে গ্ৰহণ নকৰে । যোগ্যজনে যাতে নিযুক্তি পায় ৷ এই ক্ষেত্ৰত উচিত তদন্ত হ’ব লাগে’’ ৷

লগতে পঢ়ক :উদালি কাণ্ড : এমাহৰ ভিতৰতে দাখিল কৰিব লাগিব অভিযোগনামা

ABOUT THE AUTHOR

...view details